NORTHEAST NOW (Assamese)
অসম

ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা পাঞ্জাৱলৈ প্ৰেৰণ কৰা হ’ব খালিস্তানী নেতা অমৃতপাল সিঙক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 17, 2025 6:16 pm

ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা পঞ্জাৱলৈ স্থানান্তৰিত কৰা হ’ব খালিস্তানী নেতা অমৃতপল সিঙক। সিংৰ লগতে ডিব্ৰুগড়ত কাৰাৰুদ্ধ হৈ থকা আন সাতজন সহযোগীকো প্ৰেৰণ কৰা হ’ব পাঞ্জাৱলৈ।

ইতিমধ্যে পঞ্জাৱ আৰক্ষীৰ ২৫ জনীয়া এটা দল ডিব্ৰুগড়ত উপস্থিত হৈছে।

দলটোত অতিৰিক্ত অধীক্ষক আৰু পঞ্জাৱ আৰক্ষীৰ উপ অধীক্ষককে ধৰি কেইবাজনো জ্যেষ্ঠ বিষয়া আছে।

এতিয়ালৈকে জানিব পৰা হোৱা নাই সিঙকও পাঞ্জাৱলৈ প্ৰেৰণ কৰাৰ সঠিক তাৰিখ। ডিব্ৰুগড়ত প্ৰয়োজনীয় আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতেই পাঞ্জাৱলৈ লৈ যোৱা হ’ব অমৃতপাল সিঙ আৰু তেওঁৰ ৭ সহযোগীক।

সিঙৰ সহযোগী সকল হৈছে দলজিৎ সিং কালসী, কুলৱন্ত সিং ধলিৱাল, গুৰমীত সিং বুক্কানৱালা, হৰজিৎ সিং, ভগৱন্ত সিং (ওৰফে প্ৰধানমন্ত্ৰী বাজেকে), বসন্ত সিং, আৰু গুৰিন্দৰপাল সিং।