NORTHEAST NOW (Assamese)
দেশ

পাঁচ দিনীয়া ভ্ৰমণ সূচীৰে ভাৰতত উপস্থিত নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্রিষ্টোফাৰ ল’ক্সন

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী March 17, 2025 6:11 pm

পাঁচ দিনীয়া ভ্ৰমণ সূচীৰে ভাৰতত উপস্থিত হৈছে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্রিষ্টোফাৰ ল’ক্সন। উল্লেখ্য যে এইটো নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ প্ৰথমটো আনুষ্ঠানিক ভাৰত ভ্ৰমণ হ’ব।

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণক্ৰমে তেওঁৰ  নিউজিলেণ্ডৰ কেইবাগৰাকীও মন্ত্ৰীসহ উদ্যোগ্প্তি আৰু ভাৰতীয় প্ৰব্ৰজনকাৰীৰ এক উচ্চ পৰ্যায়ৰ এটা প্ৰতিনিধিৰ দলো আহিছে।

দশম ৰাছিয়ান বৈঠকত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী লাক্সন। বিগত এবছৰত দুয়োগৰাকী প্ৰধানমন্ত্ৰীৰ মাজত হোৱা বৈঠকৰ অন্তত ভাৰতৰ সৈতে নিউজিলেণ্ডৰ মাজত সম্পৰ্ক শক্তিশালী কৰাৰ লক্ষ্যৰে এই ভ্ৰমণ সূচী গ্ৰহণ কৰা বুলি সদৰী কৰিছে।

ইয়াৰোপৰি অৰ্থনৈতিক সহযোগিতা, বাণিজ্য আৰু আঞ্চলিক নিৰাপত্তাৰ ওপৰত আলোচনাকে ধৰি দ্বিপাক্ষিক সম্পৰ্ক বৃদ্ধি কৰাও এই ভ্ৰমণৰ গুৰুত্বপূৰ্ণ উদ্দেশ্য। লগতে দুয়োখন দেশৰ মাজত মুক্ত বাণিজ্য চুক্তিৰ আলোচনাৰ দিশটোও সামৰিলৈছে।