NORTHEAST NOW (Assamese)
Popular Stories

বিশ্ব ধঁপাতবিৰোধী দিৱসত গুৱাহাটীত পদযাত্ৰা কৰিলে কোনে?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 28, 2019 7:20 pm
World anti-Tobacco Day: Walkathon held in Guwahati

বিশ্ব ধঁপাতবিৰোধী দিৱস উপলক্ষে মঙলবাৰে গুৱাহাটীত কনজিউমাৰছ লিগেল প্ৰটেকশ্বন ফ’ৰাম অসম, কনজিউমাৰ ভয়চ, নতুন দিল্লীৰ উদ্যোগত তথা পথিকৰ সহযোগত সাতশ লোকে কৰিলে পদযাত্ৰা।

মঙ্গলবাৰে পুৱা পাঞ্জাবাৰীৰ হিতেশ্বৰ শইকীয়া কলেজ খেলপথাৰৰ পৰা খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় হৈ গণেশ মন্দিৰ ইণ্ড’ৰ ষ্টেডিয়ামলৈ এই ৱাকাথন কাৰ্যসূচী অনুষ্ঠিত হয়।

সৰ্বসাধাৰণ বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত ধঁপাত ব্যৱহাৰৰ ভয়াৱহতা আৰু ধঁপাত নিয়ন্ত্ৰণৰ বিষয়ে সজাগতা সৃষ্টি কৰাই এই ৱাকাথনৰ মূল উদ্দেশ্য আছিল।

গ্ল’বেল এডাল্ট টবাক’ ছাৰ্ভে অনুসৰি অসমত ২৫.৩% পুৰুষ, ০.৮% মহিলা আৰু ১৩.৩% প্ৰাপ্তবয়স্ক লোকে ধোঁৱাযুক্ত ধঁপাত সেৱন কৰে। ইয়াৰ বিপৰীতে ৫০.৫% পুৰুষ, ৩২.৫% মহিলা আৰু ৪১.৭% প্ৰাপ্তবয়স্ক লোকে ধোঁৱাবিহীন ধঁপাত ব্যৱহাৰ কৰে।

সমীক্ষাটোৰ মতে প্ৰথমবাৰৰ বাবে ধঁপাত ব্যৱহাৰকাৰী যুৱ প্ৰজন্মৰ সংখ্যা পূৰ্বৰ ১৮.১%ৰ তুলনাত ১৮.৫%লৈ বৃদ্ধি পাইছে। যিসময়ত সমগ্ৰ দেশতে ধঁপাত ব্যৱহাৰকাৰীৰ সংখ্যা ৩৪.৬%ৰ পৰা ২৮.৬%লৈ হ্ৰাস পাইছে সেই সময়ত অসমত ধঁপাত ব্যৱহাৰকাৰীৰ সংখ্যা পূৰ্বৰ ৩৯.৩%ৰ পৰা ৪৮.২%লৈ বৃদ্ধি পাইছে।

হিতেশ্বৰ শইকীয়া কলেজ খেলপথাৰত পুৱা ৭ বজাত ৱাকাথনৰ ফ্লেগ অফ কৰে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত সঞ্চালক প্ৰধান এল আৰ বিষ্ণই, গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱেশ্বৰ মালাকৰ, ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ অমল চন্দ্ৰ কটকী, ৰাজ্যিক ধঁপাত নিয়ন্ত্ৰণ কোষৰ ৰাজ্যিক ন’দাল বিষয়া ডাঃ অৰুন্ধতী ডেকা আৰু অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ জ্যেষ্ঠ কাৰ্যবাহী আকাশ প্ৰধানে।

গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-শিক্ষক, বিশিষ্ট নাগৰিক, তাৰকা শিল্পী, মহিলা সংগঠন, জ্যেষ্ঠ নাগৰিক, গ্ৰাহক সংগঠন, আৰক্ষী আৰু প্ৰশাসনৰ প্ৰতিনিধিকে ধৰি প্ৰায় সাত শতাধিক লোকে ৱাকাথনত অংশ লয়।

ৱাকাথনৰ পিছত গণেশ মন্দিৰ ইন্দ’ৰ ষ্টেডিয়ামত এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়। এই সজাগতা সভাত উপস্থিতসকলে জীৱনকালত ধঁপাত আৰু ধঁপাতজাত সামগ্ৰী ব্যৱহাৰ নকৰাৰ শপত গ্ৰহণ কৰে।