NORTHEAST NOW (Assamese)
দেশ

বুষ্টাৰ ড’জ ইণ্ট্ৰা-নেজাল ভেকচিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষণৰ সন্মতি DCGI ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 28, 2022 8:43 pm
COVID-19 intra-nasal vaccine

ভাৰত বায়োটেকক ক’ভিদ-19 ৰ বুষ্টাৰ ড’জ ইণ্ট্ৰা-নেজাল ভেকচিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষণত সন্মতি প্ৰদান কৰিছে ড্ৰাগ কণ্ট্ৰ’লাৰ জেনেৰেল অৱ ইণ্ডিয়া (DCGI)- এ।

ভাৰত বায়োটেকৰ মতে পৰীক্ষণৰ দ্বাৰা দুটা পালিৰ প্ৰাথমিক ব্যৱহাৰ আৰু বুষ্টাৰ পালি হিচাপে ব্যৱহাৰ সন্দৰ্ভত মূল্যাংকন কৰিব।

বি.বি.ভি.154 নামৰ এই নাকত ব্যৱহৃত ক’ভিদ ভেকচিন বিধে ইতিমধ্যে তৃতীয় পৰ্যায়ৰ পৰীক্ষণৰ বাবে অনুমোদন লাভ কৰিছে বুলি ভাৰত বায়োটেকে এক বিবৃতিযোগে সদৰি কৰে।

এই ভেকচিন প্ৰয়োগ কৰাটো অত্যন্ত সৰল হ’ব আৰু বেজী আৰু চিৰিঞ্জৰ ব্যৱহাৰ হ্ৰাস কৰিব।

এই বুষ্টাৰ ড’জে টিকাকৰণ অভিযানৰ সামগ্ৰিক ব্যয়কো প্ৰভাৱিত কৰিব বুলি মন্তব্য কৰে ভাৰত বায়োটেকৰ অধ্যক্ষ কৃষ্ণ এলাই।