NORTHEAST NOW (Assamese)
অসম

ৰাজ্যৰ স্বাস্থ্য সেৱাত প্রকৃততে কি ঘটিছে? কেনেদৰে চলিছে চৰকাৰে স্থাপন কৰা হাস্পাতাল?

Posted by: দীপক কুমাৰ পাঠক, তামুলপুৰ Updated by: দীপক কুমাৰ পাঠক, তামুলপুৰ February 1, 2022 2:52 pm
Gandhibari Hospital

তামুলপুৰ জিলাৰ পূব প্ৰান্তত অৱস্থিত এটি বৃহত্তৰ অঞ্চল হৈছে গান্ধীবাৰী৷ কৃষিপ্ৰধান অঞ্চলটোৰ কেইবাখনো গাঁৱৰ ৰাইজৰ স্বাস্থ্যসেৱাৰ প্ৰতি গুৰুত্ব দি গান্ধীবাৰীত ১৯৭৪ চনতে স্থাপন কৰা হৈছিল এটি ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰ।

দহ বিঘা মাটি-কালিৰে আগুৰি থকা চিকিৎসালয়ৰ চৌহদত চিকিৎসক, নাৰ্চ আৰু আন আন কৰ্মচাৰী থকাৰ বাবে আছে আবাসগৃহসহ এক সুন্দৰ পৰিবেশ।

কিছুদিন ধৰি জনসাধাৰণৰ চিকিৎসা সেৱা ঠিকেই চলি আছিল যদিও সম্প্ৰতি চিকিৎসালয়খনৰ দুৰৱস্থাৰ সীমা নোহোৱা হৈছে ৷

স্বাস্থ্য বিভাগক ৰাইজে বহুবাৰ জনোৱাৰ পিছতো কোনো ফল নোপোৱাৰ অভিযোগ উঠিছে।

লগতে পঢ়ক: কেন্দ্ৰীয় বাজেট ২০২২: কি কি ঘোষণা বিত্তমন্ত্ৰী সীতাৰমনৰ? উত্তৰ পূৰ্বাঞ্চলৰ বাবে কি ভাল খৱৰ?

স্থানীয় ৰাইজৰ অভিযোগ কৰা মতে বৰ্তমান চিকিৎসালয়খনত এগৰাকী অস্থায়ীভাবে  চিকিৎসক নিয়োগ কৰি কিবাকৈ চলাই আছে চিকিৎসা সেৱা ৷

চিকিৎসালয়খনত স্থায়ী আয়ুৰ্বেদিক চিকিৎসক এগৰাকীয়ে বহুদিন ধৰি সেৱা প্ৰদান কৰি আহিছিল যদিও কেইবামাহ ধৰি স্বাস্থ্যজনিত কাৰণত চিকিৎসকজনে ছুটি লৈ আছে।

চিকিৎসালয়খনত ফাৰ্মাচিষ্ট নথকাত চকীদাৰেই ফাৰ্মাচিষ্টৰ ভূমিকা লৈ আছে বুলিও স্থানীয় ৰাইজৰ গুৰুতৰ অভিযোগ।

চিকিৎসালয়খনত এখন এম্বুলেন্স আছিল যদিও সেইখন এতিয়া ভঙাচিগা এটি গেৰেজৰ আলহী।

Ambulance in Gandhibari
বিকল হৈ পৰি থকা একমাত্ৰ এম্বুলেন্সখন। ফটো: নৰ্থইষ্ট নাও।

সুন্দৰকৈ সজোৱা চিকিৎসালয়খনৰ চৌহদটো হাবি জংঘলে আগুৰি ধৰিছে ৷

চিকিৎসক, নাৰ্চ আৰু আন আন কৰ্মচাৰীৰ আবাসগৃহ সমূহ ব্যৱহাৰৰ অভাৱত পৰিত্যক্ত হৈ আছে ৷ কিছুদিন ধৰি চিকিৎসালয়খনত সৃষ্টি হৈছে এক অচলাৱস্থাৰ।

চিকিৎসালয়খনত এগৰাকী স্থায়ী চিকিৎসক আৰু ফাৰ্মাচিষ্ট নিয়োগ কৰিবলৈ  শীঘ্ৰেই বিটিআৰ প্ৰশাসন আৰু অসম চৰকাৰৰ স্বাস্থ্যবিভাগক দাবী জনাইছে স্থানীয় ৰাইজে ৷