NORTHEAST NOW (Assamese)
অসম

ডিব্ৰুগড়ত হিৰ’ইন সহ জনক আটক, গুৱাহাটীত বৃহৎ পৰিমাণৰ হিৰ’ইন জব্দ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 1, 2022 4:41 pm
Drugs in Assam

সোমবাৰে নিশা ডিব্ৰুগড়ত হিৰ’ইন সহ ছয়জন লোকক আটক কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে।

আটক কৰা লোকসকলক মিৰ্জা উমিদ বাইগ (৩৫), বিপিন ৰাউত (২৯), জিন্টু থাপা (২৭), অভিষেক কৰ্মকাৰ, হিমু মেচ আৰু বিকি পাণ্ডে বুলি চিনাক্ত কৰা হৈছে।

ডিব্ৰুগড় আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বুলাৰাম টেৰঙে কয় যে তেওঁলোকে এনইচি হোষ্টেল, অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ টিবি ৱাৰ্ডৰ ওচৰত অভিযান চলাই এখন স্কুটাৰ, আঠটা মোবাইল ফোনৰ সৈতে এখন মটৰচাইকেল জব্দ কৰে।

“কণ্টেইনাৰ সহ ধৃত ছয়জনৰ পৰা ৫৩.০৫ গ্ৰাম হিৰ’ইন জব্দ কৰা হৈছে। AMCH অঞ্চলৰ পৰা তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁলোকে ড্ৰাগছ সেৱন কৰে আৰু ড্ৰাগছ বিক্ৰীৰ সৈতেও জড়িত।” আৰক্ষী বিষয়া টেৰঙে কয়।

উল্লেখ্য যে একেদৰে গুৱাহাটী আৰক্ষীয়েও যোৱা নিশা নালাপাৰা অঞ্চলত এখন ট্ৰাকৰ পৰা ৪.৫ কিলোগ্ৰাম ওজনৰ আৰু ৩৫ কোটি টকা মূল্যৰ বৃহৎ পৰিমাণৰ সন্দেহজনক হিৰ’ইন জব্দ কৰে।

এই সন্দৰ্ভত ইতিমধ্যে দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।