NORTHEAST NOW (Assamese)
দেশ

ক্ৰিপ্ট’ৰ ওপৰত ৩০ শতাংশ কৰ: ভাৰতত বৈধ হ’ল নেকি ক্ৰিপ্টকাৰেন্সি?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 1, 2022 7:16 pm
Crypto Tax

ভাৰতত বৈধ হ’ল নেকি ক্ৰিপ্টকাৰেন্সি? বিশ্ব অৰ্থনীতিত তোলপাৰ লগোৱা এই ডিজিটেল মূদ্ৰাবিধৰ প্ৰৱেশ সহজ হৈ পৰিল নেকি ভাৰতৰ বজাৰত? বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত বাজেট দাখিল কৰাৰ পাছতে ইয়াক লৈ তীব্ৰ চৰ্চা চলিছে।

সীতাৰমণৰ এই ৩৯.৪৫ ত্ৰিলিয়ন ৰূপীৰ বাজেটত কেইবাটাও নতুনত্ব দেখা গৈছে। সংসদত বাজেট উপস্থাপন কৰা হয় ডিজিটেলী। ইয়াৰ পূৰ্বে কাগজ তথা বহীত বাজেট দাখিল কৰা হৈছিল। তাৰ বিপৰীতে এইবাৰ কৰা হয় এটা “মেক ইন ইণ্ডিয়া’’ টেবলেটযোগে।

এই বাজেটৰ আটাইতকৈ চমকপ্ৰদ ঘোষণাটো হৈছে ইয়াত এবিধ নতুন কৰৰ ঘোষণা কৰা হৈছে। সেয়া হৈছে- ক্ৰিপ্ট’ টেক্স। অৰ্থাৎ ক্ৰিপ্ট’কাৰেন্সি বিনিময়ৰ বাবে চৰকাৰক দিবলগা কৰ। বৃহৎসংখ্যক এই কৰৰ পৰিমাণ হৈছে ৩০ শতাংশ।

আন এটা চমকপ্ৰদ ঘোষণা কৰা হৈছে এই বাজেটত। সেয়া হৈছে অহা ২০২২-২৩ বিত্তীয় বৰ্ষৰ পৰা ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াইও এবিধ ডিজিটেল মূদ্ৰা প্ৰবৰ্তন কৰিব।

চেণ্ট্ৰেল বেংক ডিজিটেল কাৰেন্সি, চমুকৈ চিবিডিচি নামৰ এই ডিজিটেল মূদ্ৰাবিধ সম্পূৰ্ণ নতুন প্ৰযুক্তিৰ হ’ব বুলি কোৱা হৈছে।

বাজেট দাখিলৰ পাছত সংবাদমেলতো বিত্তমন্ত্ৰীগৰাকীয়ে ক্ৰিপ্ট টেক্সৰ প্ৰসংগত ভাষ্য আগবঢ়ায়। তেওঁ কয় যে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই প্ৰৱৰ্তন কৰিবলৈ উলোৱা ডিজিটেল মূদ্ৰাবিধ কৰমুক্ত হ’ব। কেৱল অন্যান্য ক্ৰিপ্ট’কাৰেন্সিসমূহতে এই ৩০ শতাংশ কৰ লগোৱা হ’ব।

তেওঁ কয় যে যিহেতু ৰিজাৰ্ভ বেংকৰ দ্বাৰা অনুমূদিত মূদ্ৰাসমূহকহে যিহেতু বৈধ মূদ্ৰা, সেয়ে ক্ৰিপ্ট’কাৰেন্সি সমূহক বাজেটত ডিজিটেল এছেট তথা সম্পত্তি হিচাপেহে গণ্য কৰা হৈছে।

উল্লেখযোগ্য যে বৰ্তমান ভাৰতত ১৫ মিলিনয়ৰ পৰা ২০ মিলিয়ন লোকে ক্ৰিপ্ট’কাৰেন্সিত টকা বিনিয়োগ কৰিছে। এই টকাৰ পৰিমাণ চল্লিশ হাজাৰ কোটি বুলি অৰ্থনীতিবিদসকলে প্ৰকাশ কৰিছে।

কেন্দ্ৰীয় চৰকাৰৰ এই বাজেটত ক্ৰিপ্ট’কাৰেন্সিক লৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে আনন্দিত হৈ পৰিছে এই নতুন প্ৰযুক্তিৰ মূদ্ৰাবিধৰ স’তে জড়িত লোকসকল। তেওঁলোকে ব্যক্ত কৰে যে ইয়াৰ দ্বাৰা ভাৰতত ক্ৰিপ্ট’কাৰেন্সিৰ বৈধতা সহজ হৈ পৰিল।

অৱশ্যে আনন্দ প্ৰকাশ কৰিলেও বৃহৎসংখ্যক ৩০ শতাংশ কৰক লৈ অসন্তুষ্ট প্ৰকাশ কৰিছে তেওঁলোকে।

কিন্তু ক্ৰিপ্ট’কাৰেন্সিক লৈ দেশৰ অৰ্থনৈতিক মহলত বৰ্তমানেও তীব্ৰ উত্তেজনা বিৰাজ কৰি আছে। দেশৰ কেন্দ্ৰীয় বেংকসমূহে ইয়াক লৈ চৰম উদ্বিগ্নতা প্ৰকাশ কৰি আহিছে।

তেওঁলোকে আশংকা কৰিছে যে ক্ৰিপ্ট’কাৰেন্সিৰ এই নিয়ন্ত্ৰণহীন ব্যৱহাৰে দেশৰ অৰ্থনীতি বিপন্ন কৰিব। তদুপৰি ক্ৰিপ্ট’কাৰেন্সি নিয়ন্ত্ৰণ নকৰিলে ই দেশৰ নিৰাপত্তাৰ প্ৰতিও ভাবুকিস্বৰূপ হৈ পৰিব বুলি অৰ্থনীতিবিদসকলে মত প্ৰকাশ কৰিছে।

সেয়ে কেন্দ্ৰীয় চৰকাৰে ক্ৰিপ্টকাৰেন্সি নিয়ন্ত্ৰণ সম্পৰ্কীয় এখনি নতুন আইন প্ৰণয়ন কৰাৰ কথাও কৈ আহিছে। চলিত সংসদৰ অধিৱেশনতে ইয়াক গৃহিত কৰাৰ কথা আছিল কিন্তু সদ্যহতে পিছুৱাই ৰখা হৈছে। কিন্তু তাৰ পূৰ্বেই এইদৰে বাজেটত ক্ৰিপ্ট’ টেক্স অন্তৰ্ভূক্ত কৰাটো লক্ষ্যণীয় হৈ পৰিছে।

যিহেতু ক্ৰিপ্ট’কাৰেন্সি ব্যৱহাৰৰ বিনিময়ত চৰকাৰক ডিজিটেল সম্পত্তি হিচাপে এই বৃহৎসংখ্যক কৰ দিবলগা হ’ব, সেয়ে এতিয়াৰে পৰা ইয়াক বৈধ বুলিয়েই একপ্ৰকাৰৰ ইংগিত প্ৰদান কৰিলে নেকি চৰকাৰে?