NORTHEAST NOW (Assamese)
অসম

ভৱানীপুৰত দুৰ্বৃত্তৰ আক্ৰমণত চিকিৎসক আহত

Posted by: শশাংক তালুকদাৰ Updated by: শশাংক তালুকদাৰ July 11, 2020 10:50 am
IMG_20200710_180022

দেশৰ লগতে সমগ্ৰ ৰাজ্যতে ক’ৰ’ণাতংক বিৰাজ কৰি থকাৰ সময়তে বৰপেটা জিলাৰ ভৱানীপুৰত এগৰাকী চিকিৎসকক দুৰ্বৃত্তই আক্ৰমণ কৰি আহত কৰাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি হাউলীৰ পৰা পাঠশালালৈ গৈ থকা অৱস্থাত দন্ত চিকিৎসক ৰাকেশ দাসৰ গাড়ী খনত আন এখন গাড়ীয়ে খুন্দা মাৰে।

চিকিৎসক দাসে এই বিষয়ে প্ৰশ্ন কৰাত কোনো কথাৰ অৱতাৰণা নকৰাকৈ আন গাড়ী খনৰ চালকে আন এজনৰ সৈতে মিলি চিকিৎসক দাসক আক্ৰমণ কৰে ।

আক্ৰমণকাৰী কেইজনে চিকিৎসক দাসৰ ডিঙিত চেপা মাৰি ধৰে।

ফলত চিকিৎসক গৰাকী আহত হয় । ঘটনাটো সংঘটিত হয় বজালীৰ গলিয়া নামৰ অঞ্চলটোত।

এই ঘটনাৰ পিছতে চিকিৎসক দাসে ভৱানীপুৰ আৰক্ষী থানাত দুজন লোক ক্ৰমে এম হুছেইন আৰু চালিমউদ্দিনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

চিকিৎসক আক্ৰমণৰ ঘটনাটোক কঠোৰ ভাষাৰে গৰিহণা দিছে বজৰং দলৰ লগতে হিন্দু জাগৰণ মঞ্চই।