NORTHEAST NOW (Assamese)
Popular Stories

অতীজৰে পৰা চলি অহা পৰম্পাৰক ম্লান কৰিব বিচাৰিছে : আই চি চিক সমালোচনা শচীনৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 9, 2020 12:43 pm
Sachin

পাঁচদিনৰ বিপৰীতে চাৰি দিনলৈ টেষ্ট মেচৰ সময়সীমা হ্ৰাস কৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউন্সিল চমুকৈ আই চি চিয়ে ১৪৩ বছৰীয়া ক্ৰিকেটৰ পৰম্পৰাক ম্লান কৰিব বিচাৰিছে বুলি অভিযোগ কৰিছে কিম্বদন্তী ক্ৰিকেটাৰ শচীন টেণ্ডুলকাৰে।

বিভিন্ন ৰেকৰ্ডৰ অধিকাৰী তথা ক্ৰিকেটৰ ভগৱানস্বৰূপ শচীনে আই চি চিয়ে ল’ব খোজা এনে সিদ্ধান্তক সমালোচনা কৰি কয় ‘মই নাভাবো এইটো এটা সঠিক সিদ্ধান্ত’।

তেওঁ লগতে কয়, ‘টেষ্ট খেলত এদিন বাদ দিয়া মানেই ই সীমিত অ’ভাৰৰ ক্ৰিকেটলৈ পৰ্যবসিত হ’ব। বেটছমেনসকলে সীমিত অ’ভাৰৰ তুলনাত টেষ্ট ক্ৰিকেটত বেছি সময় বেট ধৰিব বিচাৰে। কিন্তু এদিন কমোৱা মানে বেটছমেনসকলে অধিক বেট ধৰাৰ সুযোগ হেৰুৱাই পেলাব’।

ইয়াৰ উপৰি টেষ্টৰ অন্তিম দিনটোত বেছিভাগ পিটছেই স্পীনাৰৰ বাবে সহায়ক হৈ উঠাৰ বাবে স্পীনাৰ সকলে বল কৰিব বিচাৰে। কিন্তু নতুন নিয়ম প্ৰযোজ্য কৰিলে টেষ্ট মেচত স্পীনাৰ সকলৰ আধিপত্য নোহোৱা হ’ব বুলিও শচীনে উল্লেখ কৰে।

উল্লেখ্য যে ২০২৩ চনৰ পৰা টেষ্ট মেচৰ সময় পাঁচদিনৰ পৰা চাৰিদিনলৈ হ্ৰাস কৰাৰ সন্দৰ্ভত আজি কিছুদিন পূৰ্বে আই চি চিয়ে নিজৰ মত প্ৰকাশ কৰিছিল। আৰু তাৰ পিছৰে পৰা প্ৰাক্তন ক্ৰিকেটাৰ তথা বিশেষজ্ঞসকলে তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হয়।