NORTHEAST NOW (Assamese)
অসম

বোকাখাতৰ জুৱাৰ আড্ডাত প্ৰাক্তন সেনা জোৱানৰ গুলী ফুটাই সন্ত্ৰাস : তিনিজনক গ্ৰেপ্তাৰ

Posted by: উত্তম শইকীয়া April 20, 2019 6:40 pm

বোকাখাত আৰক্ষীয়ে আজি এক অভিযান চলাই পিষ্টলসহ প্ৰাক্তন সেনা জোৱান মোহন কছাৰীৰ লগতে ৰাজা সূত্ৰধৰ আৰু ইন্দুপৱন শইকীয়া নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰে। ইয়াৰে ৰাজা সূত্ৰধৰ বোকাখাতৰ আৰু ইন্দুপৱন কাজিৰঙাৰ চেপেনাকোবোৱা গাঁৱৰ নিৱাসী বুলি জানিব পৰা গৈছে।

ঘটনাৰ বিৱৰণি মতে বোকাকাতৰ কৈলাখাতত নিয়মিতভাৱে বহা জুৱাৰ আড্ডাত শুকুৰবাৰে অৰ্থাৎ ১৯ এপ্ৰিলৰ নিশা প্ৰাক্তন সেনা জোৱানজনে গুলী ফুটাই সন্ত্ৰাসৰ সৃষ্টি কৰে। বোকাখাতৰ কৈলাখাতত নিয়মিতভাৱে বহা এই জুৱাৰ থলীত জুৱাৰীৰ পৰা ধন লুটাৰ স্বাৰ্থতে ধৃত প্ৰাক্তন সেনা জোৱান মোহন কছাৰীয়ে গুলী ফুটাই সন্ত্ৰাস সৃষ্টি কৰে।

ফলত আজি বোকাখাত আৰক্ষীয়ে আজি অভিযান চলাই প্ৰাক্তন সেনা জোৱানজনৰ লগতে আন দুজন জুৱাৰীকো আটক কৰে। ইফালে সেনা জোৱানজনৰ বাহিৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আন দুজন জুৱাৰী অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্য বুলি জানিব পৰা গৈছে আৰু ইয়াকে লৈ বোকাখাতত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।