NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

সামুদ্ৰিক সীমা অতিক্ৰম: ২১ ভাৰতীয় মাছমৰীয়াক গ্ৰেপ্তাৰ শ্ৰীলঙ্কাৰ নৌসেনাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 1, 2022 8:58 pm
Indian fishermen arrest by Sri Lankan navy

শ্ৰীলঙ্কাৰ নৌসেনাই ২১ জন তামিল মাছমৰীয়াক গ্ৰেপ্তাৰ কৰিছে আৰু সামুদ্ৰিক সীমা অতিক্ৰম কৰাৰ বাবে দুখন মাছ ধৰা নাও জব্দ কৰিছে।

নাগাপট্টিনমৰ স্থানীয় মাছমৰীয়াসকলে ৩১ জানুৱাৰীত প্ৰায় এহেজাৰ মাছমৰীয়াক কঢ়িয়াই নিয়া ৪০০ খন নাওৰ এটা দলৰ সৈতে ৰাওনা হৈছিল।

প্ৰাৰম্ভিক প্ৰতিবেদনত ২৭ জানুৱাৰীত সংঘটিত এটা ঘটনাৰ প্ৰতিশোধ স্বৰূপে এই তামিল মাছমৰীয়া সকলক ভাদামাৰাটচি, নেদুন্থিভু, য়াজহপানাম আৰু পাৰুথিথুৰাইৰ শ্ৰীলংকাৰ মাছমৰীয়াসকলে আগুৰি ধৰিছিল বুলি জানিব পৰা গৈছে।

উক্ত ঘটনা অনুসৰি তামিল মাছমৰীয়া সকলৰ পাৱে শ্ৰীলংকাৰ মাছমৰীয়াৰ এখন ফাইবাৰ নাওত খুন্দা মাৰিছিল আৰু দুজন মাছমৰীয়া পানীত ডুবি পৰিছিল।

ক্ষুব্ধ লঙ্কান মাছমৰীয়াসকলে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল আৰু তাৰ পিছত তামিল মাছমৰীয়াসকলৰ নাও ঘেৰি ধৰিছিল বুলি ৰাষ্ট্ৰীয় সংবাদ সংস্থা ইণ্ডিয়া টুডেত প্ৰকাশ পাইছে।

আনহাতে শ্ৰীলঙ্কাৰ নৌসেনাই গ্ৰেপ্তাৰ কৰা ২১ তামিল মাছমৰীয়াক ইতিমধ্যে আদালতত হাজিৰ কৰিছে বুলি জানিব পৰা গৈছে।