NORTHEAST NOW (Assamese)
অসম

কংগ্ৰেছে ১৯৪৭ চনতে বিলোপ কৰা ৰজাৰ ধাৰণা পুনৰ উভতি আহিছে: ৰাহুল গান্ধী

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী February 3, 2022 8:09 am

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বুধবাৰে লোকসভাত কয় যে চৰকাৰে দুখন ভাৰত সৃষ্টি কৰিছে, এখন ধনী সকলৰ বাবে আৰু এখন দৰিদ্ৰ লোকৰ বাবে।

ৰাষ্ট্ৰপতিৰ প্ৰস্তাৱক লৈ হোৱা বিতৰ্কত অংশগ্ৰহণ কৰি ৰাহুলে কয়—’ ভাৰতৰ দুটা প্ৰতিযোগিতামূলক দৃষ্টিভংগী আছে… যদি আপুনি সংবিধান পঢ়ে, আপুনি দেখিব যে ভাৰতক সংযুক্ত ৰাজ্য হিচাপে বৰ্ণনা কৰা হৈছে। ভাৰতক এখন ৰাষ্ট্ৰ হিচাপে বৰ্ণনা কৰা হোৱা নাই, ইয়াক এক সংঘ হিচাপে বৰ্ণনা কৰা হৈছে’।

তেওঁ কয় যে ইয়াৰ অৰ্থ হৈছে যে সকলো ৰাজ্যৰ লোকৰ একেই অধিকাৰ থাকিব লাগে।

কংগ্ৰেছে ১৯৪৭ চনত ৰজাৰ ধাৰণা নোহোৱা কৰিছিল। এতিয়া পুনৰ ৰজাৰ ধাৰণা ঘূৰি আহিছে বুলি ৰাহুলে কটাক্ষ কৰে।
এই ত্ৰুটিপূৰ্ণ দৃষ্টিভংগীৰ ফলস্বৰূপে, আমাৰ ৰাজ্যসমূহৰ মাজত, আমাৰ জনসাধাৰণৰ মাজত আশংকা বৃদ্ধি পাইছে।

গান্ধীয়ে কয় যে ৰাষ্ট্ৰৰ উদ্যোগগত এতিয়া “ধ্বংসাত্মক খেল” খেলি আছে।

তেওঁ কয়—’মোৰ প্ৰপিতামহ (নেহৰু) ১৫ বছৰ কাৰাগাৰত আছিল, মোৰ আইতা (ইন্দিৰা গান্ধী)ৰ বুকুত ৩২ টা গুলী লাগিছিল, মোৰ দেউতা (ৰাজীৱ গান্ধী) টুকুৰা টুকুৰ হৈ গৈছিল। মই জানো এয়া কি… আপুনি অতি বিপদজনক কিবা এটাৰ সৈতে খেলি আছে’।