NORTHEAST NOW (Assamese)
অসম

পাকিস্তানৰ সেনা ঘাটিত বিদ্ৰোহীৰ ভয়ংকৰ আক্ৰমণ; ৫জন সেনাকে ধৰি নিহত কমেও ১৯জন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 3, 2022 7:30 pm
WhatsApp Image 2022-02-03 at 7.06.54 PM

পাকিস্তানৰ বেলুচিস্তানৰ দুটা সেনাৰ ঘাটিত বিদ্ৰোহীয়ে ভংয়কৰ আক্ৰমণ চলায়। বুধবাৰে গোটেই নিশা চলা এই সংঘৰ্ষৰ ঘটনাত কমেও চাৰিজন পাকিস্তানী সেনা আৰু ১৫জন বিদ্ৰোহী নিহত হোৱা বুলি কোৱা হৈছে।

বৃহস্পতিবাৰে দেশখনৰ শীৰ্ষ বিষয়াৰ উদ্ধৃতিৰে আন্তৰ্জাতিক সংবাদ মাধ্যমে এই বাতৰি পৰিৱেশন কৰিছে।

বেলুচ লিবাৰেশ্যন আৰ্মি(বিএলএফ) য়ে এক বিবৃতি জাৰি কৰি এই আক্ৰ্মণৰ দায়িত্ব স্বীকাৰ কৰিছে। বিএলফে দাবী কৰা মতে বিস্ফোৰক কঢ়িয়াই অনা কেইখনমান গাড়ীয়ে সেনাৰ ঘাটিৰ সন্মুখতে বিস্ফোৰণ ঘটায়।

বিদ্ৰোহীসকলে দাবী কৰা মতে এই আক্ৰমণত কমেও ৫০জন সেনা নিহত হৈছে।

লগতে পঢ়ক: মহিলা সহকৰ্মীৰ সৈতে গোপন সম্পৰ্ক! CNNৰ মুৰব্বী জেফ জাকাৰৰ পদত্যাগ 

ইপিনে, পাকিস্তানৰ গৃহমন্ত্ৰী ৰাছিদ আহমেদে জানিবলৈ দিছে যে দেশখনৰ সেনা বাহিনীয়ে এক বৃহৎ আক্ৰমণ প্ৰতিহত কৰিবলৈ সক্ষম হৈছে। তেওঁ জনায় যে এই ঘটনাত চাৰিজন সেনা আৰু ১৫জন বিদ্ৰোহী নিহত হৈছে।

আনহাতে, পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ বেইজিং ভ্ৰমণৰ মাত্ৰ কেইঘন্টামান পূৰ্বে সংঘটিত হয় এই আক্ৰমণৰ ঘটনা। প্ৰাকৃতিক সম্পদৰে চহকী এই প্ৰদেশত চীনে বিশাল পৰিমানৰ ধন বিনিয়োগ কৰিছে।