NORTHEAST NOW (Assamese)
অসম

মুখ্য মন্ত্ৰীয়ে মুকলি কৰিলে মাজুলীৰ উপায়ুক্তই কণ্ঠদিয়া ‘মাজুলী অ’ মাজুলী’ গীতৰ এলবাম

Posted by: মিটু খাটনিয়াৰ January 14, 2019 4:57 pm
CM releasing Majuli-O-Majuli

আজি মাজুলীত মুখ্য মন্ত্ৰী উপস্থিত হোৱাৰ পিছতে প্ৰতিবাদমূখৰ হৈ পৰিল মাজুলী। আজিৰ দিনটোক ক’লা দিৱস হিচাপে পালন কৰিছে যুৱ ছাত্ৰ পৰিষদৰ মাজুলী জিলা সমিতিয়ে। মাজুলীৰ বিভিন্ন প্ৰান্তত ক’লা পতাকা উৰুৱাই প্ৰতিবাদ সাব্যস্ত কৰাৰ উপৰিও কমলাবাৰীত ক’লা পতাকা উৰুৱাই টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছে যুৱ ছাত্ৰ পৰিষদে।

উল্লেখ্য যে ২১ জানুৱাৰিত মাজুলীৰ তিনিটা সমষ্টিত হ’ব লগা মিচিং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন সম্পৰ্কত দলীয় নেতা-কৰ্মীৰে আজি মিলিত হয় মুখ্যমন্ত্ৰী। মুখ্য মন্ত্ৰীৰ এই ভ্ৰমণতে মাজুলীক লৈ গীতিকাৰ অনুৰাধা দাসে লিখা আৰু ড০ সংগীতা কাকতিৰ লগতে মাজুলীৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰই কণ্ঠ দান কৰা এটি এলবাম মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰে গড়মূৰ উপায়ুক্তৰ আলোচনাকক্ষত। উক্ত অনুষ্ঠানত ইয়াতে উন্মোচন হোৱা ‘মাজুলী অ মাজুলী’ এলবামৰ পৰা মাজুলীৰ উপায়ুক্তগৰাকীয়ে গীতো পৰিৱেশন কৰে।

ইফালে মুখ্যমন্ত্ৰীৰ আগমনক লৈ মাজুলীৰ সদৰ গড়মূৰতো ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

মুখ্যমন্ত্ৰী গ’ বেক, নাগৰিকত্ব (সংশোধনী) বিধেয়ক বাতিল কৰক আদিৰ ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰে। আৰক্ষয়ে প্ৰতিবাদকাৰী  কৃষক মুক্তি সংগ্ৰাম সমিতিৰ  প্ৰতিবাদকাৰীক সদস্যক আটক কৰে। উল্লেখ্য নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ বিৰুদ্ধে মাজুলীত বিভিন্ন দল সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে।