NORTHEAST NOW (Assamese)
অসম

বিধানসভা নির্বাচনৰ পূর্বে বালি সৰবৰাহ গোচৰত পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ ভতিজাকক গ্ৰেপ্তাৰ ইডিৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 4, 2022 10:42 am
WhatsApp Image 2022-02-04 at 10.11.36 AM

বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে আৰু মাত্ৰ কেইদিনমান থকা অৱস্থাতে পঞ্জাৱত কংগ্ৰেছৰ বাবে অস্বস্তি কঢ়িয়াই আনিছে এক ঘটনাই। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী চৰনজিৎ সিং চন্নিৰ ভতিজাকক গ্ৰেপ্তাৰ কৰা হৈছে।

বাতৰি অনুসৰি, বুধবাৰে সন্ধিয়াই এনপ’ৰ্ছমেন্ট ডিৰেক্টৰেট (ইডি)য়ে বালি খনন তথা সৰবৰাহ গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰে। বৃহস্পতিবাৰে তেওঁক চিবিআইৰ আদালতত হাজিৰ কৰোৱা হয়।

নিৰ্বাচনৰ পূৰ্বে এই ঘটনাই পঞ্জাৱৰ ৰাজনৈতিক মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে কংগ্ৰেছ নেতৃত্বৰ বাবেও সমস্যা বৃদ্ধি কৰিছে।

লগতে পঢ়ক: ছিৰিয়াত আমেৰিকান সেনাৰ অভিযানত নিহত ইছলামিক ষ্টেটৰ শীৰ্ষ নেতা

অহা ২০ ফেব্ৰুৱাৰীত পঞ্জাৱৰ ১১৭খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

যোৱা মাহত বালি সৰবৰাহৰ গোচৰত ইডিয়ে পঞ্জাৱৰ বিভিন্ন স্থানত অভিযান চলাইছিল। সেই সময়ত মুখ্যমন্ত্ৰীৰ আত্মীয়ৰ পৰা নগদ ৮কোটি টকাৰ লগতে বহুকেইপদ মূল্যবান সামগ্ৰী জব্দ কৰিছিল সংস্থাটোৱে।