NORTHEAST NOW (Assamese)
অসম

সৌৰভ গাংগুলীয়ে মাৰাথনত অংশ ল’ব পাৰিব, ইচ্ছা কৰিলে ক্ৰিকেটলৈ উভতিব পাৰিব; চিকিৎসকৰ মন্তব্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 6, 2021 7:08 am
Sourav Ganguly

হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হ’বলগীয়া হোৱা বিচিচিআইৰ বৰ্তমানৰ সভাপতি তথা প্ৰাক্তন ভাৰতীয় অধিনায়ক সৌৰভ গাংগুলীৰ স্বাস্থ্য সম্পৰ্কে মত প্ৰকাশ কৰিছে তেওঁক চিকিৎসা প্ৰদান কৰা হৃদৰোগ বিশেষজ্ঞ দেৱী চেট্টীয়ে।

সাধাৰণ হৃদৰোগত আক্ৰান্ত হোৱা সৌৰভ গাংগুলীৰ ইয়াৰ ফলত কোনোধৰণৰ আভ্যান্তৰীণ আৰু বাহ্যিক অংগ-প্ৰত্যংগৰ ক্ষতি হোৱা নাই বুলিও দেৱী চেট্টীয়ে লগতে কয়।

‘‘এই ঘটনাই সৌৰভ গাংগুলীৰ জীৱন শৈলীৰ ওপৰত প্ৰভাৱ নেপেলাই। তেওঁ মাৰাথন দৌৰত অংশ ল’ব পাৰিব, উৰাজাহাজ উৰুৱাব পাৰিব আনকি ইচ্ছা কৰিলে ক্ৰিকেটলৈয়ো উভতিব পাৰিব,’’ চিকিৎসক গৰাকীয়ে সৌৰভ গাংগুলীৰ স্বাস্থ্য সম্পৰ্কে সংবাদ মাধ্যমৰ আগত এনেদৰে সদৰী কৰে।

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা বৰ্তমানৰ বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলীক বুধবাৰে চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হ’ব।

কলকাতাৰ উডলেণ্ড হাস্পতালৰ চিইঅ’ আৰু এমডি ডাঃ ৰূপালী বসুৱে এই কথা জানিবলৈ দিয়ে।

উল্লেখ্য যে যোৱা শনিবাৰে পুৱা সৌৰভ গাংগুলী হৃদৰোগত আক্ৰান্ত হৈ কলকাতাৰ নিজৰ ঘৰতে ঢলি পৰে।

বুকুত তীব্ৰ বিষ অনুভৱ কৰা সৌৰভ গাংগুলীক ততাতৈয়াকৈ দক্ষিণ কলকাতাৰ উডলেণ্ড চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

পৰীক্ষা-নিৰীক্ষাৰ অন্তত  সৌৰভ গাংগুলী মৃদু হৃদৰোগত আক্ৰান্ত আৰু তেওঁ শীঘ্ৰে বিপদমুক্ত হৈ উঠিব বুলি চিকিৎসকে প্ৰকাশ কৰিছিল।