NORTHEAST NOW (Assamese)
অসম

লকডাউন : FCI-এ উত্তৰ-পূবৰ ৰাজ্য সমূহক যোগান ধৰিছে ৭.৭ লাখ মেট্ৰিক টন পি ডি এছ খাদ্য সামগ্ৰী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 15, 2020 3:02 pm

যোৱা ২৪ মাৰ্চৰ পৰা চলি থকা লকডাউনৰ সময়চোৱাত ভাৰতীয় খাদ্য নিগম (এফ চি আই)এ পূৰ্বোত্তৰ অঞ্চলৰ ৰেশ্যন দোকান সমূহৰ জৰিয়তে দুখীয়া লোকৰ মাজত প্ৰায় ৭.৭ লাখ মেট্ৰিক টন খাদ্য সামগ্ৰী যোগান ধৰিছে।

এফ চি আইয়ে জনোৱা অনুসৰি প্ৰতি দিনে ১৫,৮০০ মেট্ৰিক টন খাদ্য সামগ্ৰী উত্তৰ-পূবৰ ৰাজ্য সমূহক যোগান ধৰি আছে।

উত্তৰ-পূব এফ চি আইৰ কাৰ্যবাহী সঞ্চালক অনুৰাগ গুপ্তাৰ নেতৃত্বত চলি আছে সমস্ত কাম-কাজ।

এই সন্দৰ্ভত এফ চি আইয়ে জনোৱা মতে প্ৰধান মন্ত্ৰীৰ গৰীব অন্ন যোজনাৰ বাবে ৩.৪৩ লাখ মেট্ৰিক টন খাদ্য সামগ্ৰী আৰু ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৩.১৩ লাখ মেট্ৰিক টন খাদ্য সামগ্ৰী আৱণ্টন দিয়া হৈছে।

উল্লেখ্য যে লকডাউনৰ বাবে কেন্দ্ৰীয় চৰকাৰে পি এম জি এ ৱাইৰ অধীনত সুবিধা লাভ কৰা প্ৰতিগৰাকী লোককে তিনি মাহলৈকে বিনামূলীয়াকৈ পাঁচ কিলোগ্ৰাম চাউল আৰু প্ৰতিটো পৰিয়ালক ১ কেজিকৈ দাইল প্ৰদান কৰি আছে।

ইফালে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৮১ কোটি লাভাৰ্থক ৫ কেজিকৈ চাউল প্ৰদান কৰি থকা হৈছে।

এফ চি আইয়ে পূৰ্বোত্তৰ অঞ্চলক সৰ্বাধিক গুৰুত্ব প্ৰদান কৰাৰ প্ৰসংগত খাদ্য মন্ত্ৰ্যালয়ে কয়, ‍‘পূৰ্বোত্তৰ অঞ্চল পি ডি এছত অধিক নিৰ্ভৰশীল, সেয়ে ইয়াত চাউল আৰু আটাৰ যোগানত গুৰুত্ব আৰোপ কৰা হৈছে’।