NORTHEAST NOW (Assamese)
Popular Stories

চীনক সৰ্বনাশ কৰাৰ বাবে আমেৰিকাই গ্ৰহণ কৰিলে এটা বৃহৎ পদক্ষেপ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 15, 2020 2:08 pm

ক’ৰ’না ভাইৰাছৰ সংহাৰ অব্যাহত থকাৰ সময়তে বিশ্বৰ দুখন অন্যতম প্ৰভাৱশালী দেশ আমেৰিকা আৰু চীনৰ মাজত বৃদ্ধি পাবলৈ ধৰিছে সংঘাত।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে চীনক পুনৰ এবাৰ সকিয়নী প্ৰদান কৰিছে। তদুপৰি ট্ৰাম্পে চীন ষ্টক মাৰ্কেটত বিনিয়োগ হৈ থকা য়ু এছ পেনশ্যন ফাণ্ড প্ৰত্যাহাৰ কৰাৰ দৰে এটা কঠোৰ সিদ্ধান্ত ঘোষণা কৰে।

ইতিমধ্যে এই বিনিয়োগ প্ৰত্যাহাৰ কৰাৰ ববে প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ কৰা বুলিও ৰাষ্ট্ৰপতি ট্ৰাম্পে জানিবলৈ দিয়ে।

ট্ৰাম্পৰ এই ঘোষণাই চীনৰ ষ্টক মাৰ্কেটত বিৰূপ প্ৰভাৱ পৰিব বুলি বহুতো বিশেষজ্ঞই ধাৰণা কৰিছে।

ইয়াৰ পূৰ্বেও আমেৰিকাই চীনৰ সৈতে সকলো ধৰণৰ সম্পৰ্ক শেষ কৰাৰ ধমকি প্ৰদান কৰিছিল। ফবছ বিজনেছ নিউজক দিয়া ইণ্টাৰভিউত ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে আৰু বহুত বস্তু আছে যি আমি কৰিব পাৰো।

তেওঁ লগতে কয় যে চীনে আমাক হতাশ কৰিছে। তেওঁ লগতে এইটো কয় যে আমেৰিকাই বাৰম্বাৰ চীনক কৈ আছে যে ক’ৰ’নাৰ উৎপত্তিৰ তদন্তৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা দল য়ুহানৰ লেবৰটৰিত যোৱাৰ অনুমতি প্ৰদান কৰিব লাগে, কিন্তু তেওঁলোকে এই কথাটো নামানে।

এটা প্ৰশ্নৰ উত্তৰত ট্ৰাম্পে কয় যে তেওঁৰ চীনৰ ৰাষ্ট্ৰপতিৰ সৈতে ভাল সম্পৰ্ক যদিও এতিয়া তেওঁৰ সৈতে কথা পাতিব নিবিচাৰে।

উল্লেখ্য যে চীনৰ য়ুহান চহৰৰ পৰা উৎপত্তি হোৱা ক’ৰ’না ভাইৰাছে বিশ্বৰ ১৯৫ খন দেশত সংহাৰী ৰূপ ধাৰণ কৰিছে। এই পৰ্যন্ত বিশ্বৰ ৪৩ লাখৰো অধিক লোক ইয়াৰ দ্বাৰা সংক্ৰমিত হৈছে আৰু মৃত্যু হৈছে প্ৰায় ৩ লাখ লোক।

ইফালে, বিশ্বৰ ভিতৰতে সৰ্বাধিক আক্ৰান্ত আৰু মৃত্যু হোৱা দেশখন হৈছে আমেৰিকা। আমেৰিকাত ১৪ লাখ আক্ৰান্ত হোৱাৰ বিপৰীতে ৮৪ হাজাৰ ১১৯ গৰাকী লোক মৃত্যুমুখত পৰিছে।