NORTHEAST NOW (Assamese)
অসম

অহা ৩০ ছেপ্তেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’ব ‘পিংকাথন’

Posted by: মুকুট দাস August 27, 2018 7:00 pm
Milind Soman Pinkathon

চতুৰ্থ বৰ্ষৰ বাবে কালাৰ্ছ চেনেলৰ উদ্যোগত দেশৰ সৰ্ববৃহৎ মহিলা দৌৰ বাজাজ ইলেকট্ৰিকেলছ  গুৱাহাটী পিংকাথন অহা ৩০ চেপ্তেম্বৰ অৰ্থাৎ দেওবাৰে অনুষ্ঠিত হ’ব৷ আজি গুৱাহাটীৰ নভ’টেল হোটেলত অনুষ্ঠিত এক সংবাদমেলত এই কথা সদৰী কৰে ‘পিংকাথন’ ( Pinakthon )ৰ প্ৰতিস্থাপক তথা মডেল, অভিনেতা মিলিন্দ চুমনে৷

উল্লেখ্য যে আজিৰ এই সংবাদমেলত মিলিন্দ চুমনৰ লগত ১০২ বছৰীয়া প্ৰখ্যাত দৌৰবিদ মান কৌৰো উপস্থিত থাকে ৷ দৌৰবিদ মান কৌৰে বিগত বহু বছৰ ধৰি দেশৰ মহিলা সৱলীকৰণৰ ক্ষেত্ৰত কাম কৰি অহাৰ লগতে মহিলাৰ স্বাস্থ্যৰ ওপৰতো গুৰুত্ব আৰোপ কৰি আহিছে৷

পিংকাথনৰ প্ৰতিষ্ঠাপক মিলিন্দ চুমনে কয় যে চতুৰ্থবাৰৰ বাবে গুৱাহাটীত পিংকাথন আয়োজন কৰিবলৈ পাই যথেষ্ট আনন্দিত হৈছো। আমি আশাবাদী যে গুৱাহাটী মহানগৰৰ বাসিন্দাই পিংকাথন ২০১৮ সাফল্যমণ্ডিত কৰি তোলাত সহায় কৰিব।

তেওঁ লগতে কয় যে এয়া কেৱল দৌৰ বা মাৰাথন নহয়। ই দেশত মহিলা সৱলীকৰণৰ বাবে গ্ৰহণ কৰা এক জাগৰণ। এখন ঘৰ, এটা পৰিয়াল সুস্থ সৱল হৈ থকাটো অতি প্ৰয়োজন ৷ সেয়ে সুস্থ এক শৰীৰৰ বাবে মহিলা সকলে এই দৌৰত অংশ ল’ব লাগে৷

মহিলা সৱলীকৰনক মূল বিষয় হিচাপে লৈ আৰম্ভ কৰা এই ‘পিংকাথন’ ( Pinakthon )ৰ বাবে অনলাইন www.pinkathon.in/Guwahati যোগে পঞ্জীয়ন হৈ থকাৰ কথাও ঘোষণা কৰে ৷ আনহাতে পিংকাথনত প্ৰতিগৰাকী মহিলাক অংশ গ্ৰহণ কৰিবৰ বাবে বিশিষ্ট মডেল তথা অভিনেতা মিলিন্দ চুমনে আহ্বান জনায়৷