NORTHEAST NOW (Assamese)
অসম

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰাৰ দাবীত মাজুলীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

Posted by: মিটু খাটনিয়াৰ August 27, 2018 7:23 pm
WhatsApp Image 2018-08-27 at 7.03.44 PM

সমগ্ৰ বিশ্বতে বৃহৎ নদীবান্ধে বিভিন্ন স্থানত সংঘটিত কৰা আকস্মিক-বানপানীকে আদি কৰি পৰিৱেশলৈ অনা ভাবুকি তথা বান্ধৰ নামনি এলেকাত সংঘটিত কৰা বিস্তৰ ক্ষয়-ক্ষতিৰ বিষয়ে এটা জন-সজাগতাৰ সৃষ্টি হৈ উঠিছে। শেহতীয়াভাৱে নদীবান্ধৰ পৰা এৰি দিয়া পানীয়ে সংঘটিত কৰা ভয়াবহ বানৰ পাছত অসমতো নদীবান্ধে কঢ়িয়াই আনিব পৰা ভয়ানক ক্ষয়-ক্ষতি সন্দৰ্ভত সজাগ হৈ উঠিছে অসমৰ বিভিন্ন দল সংগঠনৰ লগতে অসমৰ ৰাইজ।

এনে সজাগতাৰ শেহতীয়া প্ৰকাশ দেখা গৈছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে অসমত গঢ়ি উঠা তীব্ৰ জনমত গঠনত।

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ মাজুলী জিলা সমিতিয়ে শতাধিক ছাত্ৰ-কৰ্মীৰ উপস্থিতিত মাজুলীৰ কমলাবাৰীত প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে নামনি সোৱণশিৰি প্ৰকল্প বন্ধ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা কিন্তু অসমত ক্ষমতা দখল কৰাৰ পাছতে বিপৰীত স্থিতি গ্ৰহণ কৰা ভাৰত প্ৰধান মন্ত্ৰী মোডীৰ প্ৰতিকৃতি দাহ কৰে।

লখিমপুৰত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো বন্ধ কৰাৰ দাবীত প্ৰতিবাদকাৰীসকলে প্ৰধানমন্ত্ৰীৰ পুত্তলিকা দাহ কৰে। বৰ্তমান ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণকাৰ্য বন্ধ ঘোষণা নকৰালৈকে এই প্ৰতিবাদ চলি থাকিব বুলি মাজুলী জিলা সমিতিয়ে জানিবলৈ দিয়ে।