NORTHEAST NOW (Assamese)
অসম

ভাৰত-চীন সীমা বিবাদ সমাধানৰ বাবে তৃতীয় পক্ষৰ প্ৰয়োজন নাই; আমেৰিকাক চীনৰ উত্তৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 29, 2020 6:49 pm
China's President with Trump

ভাৰত আৰু চীনৰ মাজত চলি থকা শেহতীয়া সীমা বিবাদ সমাধানৰ বাবে তৃতীয় পক্ষৰ কোনোধৰণৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰিছে চীনে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰত আৰু চীনৰ মাজৰ সীমা বিবাদ সমাধানৰ বাবে মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰাৰ বাবে ইচ্ছা প্ৰকাশ কৰাৰ পাছতে চীনে এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

চীনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ঝাও লিজিয়ানে শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত ভাৰত আৰু চীনৰ সীমা বিবাদ সমাধানৰ বাবে তৃতীয় পক্ষৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰে।

ইয়াৰ পূৰ্বে চীনে ভাৰত আৰু চীনৰ সীমান্ত অঞ্চল সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণাধীন আৰু স্থিৰ হৈ আছে বুলি মন্তব্য কৰিছিল।

আনহাতে, চীনে আমেৰিকা যুক্তৰাষ্ট্ৰক সমগ্ৰ বিশ্বৰবাবে সমস্যা সৃষ্টিকাৰী দেশ হিচাপেও অভিহিত কৰিছিল।

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণক লৈ চীন আৰু আমেৰিকাৰ মাজত চলি থকা শীতল যুদ্ধত দুয়োখন দেশে ইখনে সিখনক দোষাৰোপ কৰি আহিছে।