NORTHEAST NOW (Assamese)
অসম

মহানগৰীৰ বন্দনা হোটেলৰ কোৱাৰেণ্টাইন কেন্দ্ৰৰ ব্যৱহৃত কাপোৰ পাণ্ডুৰ ধোবাই গোপনে ধোৱাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য

Posted by: কল্পজ্য়োতি শইকীয়া Updated by: কল্পজ্য়োতি শইকীয়া May 29, 2020 7:22 pm

ৰাজ্যত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ দ্ৰুত গতিত বৃদ্ধি পাই আহিছে। এই সময়তো বহিঃৰাজ্যত ল’কডাউনৰ ফলত আৱদ্ধ হৈ থকা লোকসকলক নিজ গৃহ ৰাজ্যলৈ ঘুৰাই অনাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে অসম চৰকাৰে।

ল’কডাউনৰ শিথিলতাৰ পাছত ৰেইলযোগে,বিমানযোগে অথবা ৰাষ্ট্ৰীয় ঘাইপথৰে সহস্ৰাধিক লোক অসমত প্ৰৱেশ কৰি কোৱাৰেন্টাইন হৈ আছে।

মহানগৰীৰ বিভিন্ন স্থানৰ হোটেল সমূহো বহিঃৰাজ্যৰ পৰা অহা লোকক ৰাখিবৰ বাবে কোৱাৰেন্টাইন চেন্টাৰলৈ ৰূপান্তৰিত কৰিছে চৰকাৰ তথা প্ৰশাসনে।

কোৱাৰেন্টাইন চেন্টাৰলৈ ৰূপান্তৰ কৰা এই হোটেল সমুহত থকাৰ সময়তে বহু লোকৰ শৰীৰত কোভিড-১৯ ৰ উপস্থিতি ধৰা পৰিছে।

এনে জটিল সময়তে পোহৰলৈ আহিছে এক ভয়ংকৰ ঘটনা। মহানগৰীৰ পল্টনবজাৰস্থিত হোটেল বন্দনাত কোৱাৰেন্টাইন হৈ থকা লোকে ব্যৱহাৰ কৰা বিচনাৰ কাপোৰ পাণ্ডুৰ(আদাবাৰী)ৰেইলৱে ৰ’ডৰ চটু নামৰ এক ধোবাই দীৰ্ঘ দিন ধৰি গোপনে ধুই অহা বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

স্থানীয় ৰাইজে আমাৰ সাংবাদিকক জনোৱা অনুসৰি ধোবাজনে কাপোৰখিনি ব্ৰহ্মপুত্ৰৰ পাণ্ডু ঘাটত ধুইছিল।

নৰ্থ-ইষ্ট নাওৰ সাংবাদিকৰ আগত সেই অঞ্চলৰ স্থানীয় ৰাইজে এই গুৰুতৰ অভিযোগ দাঙি ধৰিছে।

ইয়াৰোপৰি আমাৰ সাংবাদিকলৈ কাপোৰখিনি শুকুৱাই থকা স্থানৰ ফটোও প্ৰেৰণ কৰিছে।

যদি স্থানীয় ৰাইজে কৰা এই অভিযোগ সত্য হয় তেন্তে ই কিমান ভয়ংকৰ হ’ব পাৰে আপুনি নিজেই চিন্তা কৰক।

যিদৰে শিক্ষিত এছাম লোকে ডাষ্টবিনত পেলনীয়া পি পি ই কিট কোনো মানসিক বিকাৰগ্ৰস্ত লোক অথবা অনাথ শিশুৱে পিন্ধি ঘূৰি ফুৰাটো আপোনাৰ-মোৰ বাবে ভয়াবহতাৰ কাৰণ হ’ব পাৰে ঠিক সেইদৰে মনে মনে কোনো কোভিড ৰোগী অথবা কোৱাৰেন্টাইনত থকা ৰোগীয়ে ব্যৱহাৰ কৰা কাপোৰ ধুই ৰাজহুৱা স্থানত শুকুৱাবলৈ মেলি ৰখাটো সিমানে বিপদজনক।

তাৎপয্যপূৰ্ণভাৱে, পাণ্ডুৰ দ্যা ৱেষ্ট উড ইংলিছ মিডিয়াম স্কুলৰ সন্মুখতে কাপোৰখিনি ৰ’দত শুকুৱাইছে ধোবাজনে।

ইপিনে, স্থানীয় একাংশ লোকে এই কথা কামৰূপ মহানগৰ প্ৰশাসনক জনোৱাত কিছু সময় পূৰ্বে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ লোক উপস্থিত হৈছিল বুলি জানিবলৈ দিয়ে একাংশই।

মহানগৰ জিলা প্ৰশাসন আৰু স্বাস্থ্য কৰ্মীৰ এটা দল উপস্থিত হৈ ধোবাজনৰ লগতে তেওঁৰ পৰিয়ালৰ লোকক কোৱাৰেন্টাইন কৰিছে বুলি জানিব পৰা গৈছে।

তদুপৰি কাইলৈ পুৱাই উক্ত অঞ্চলটোৰ সকলো বাসিন্দাৰে স্বোৱাব টেষ্ট কৰিব স্বাস্থ্য বিভাগে।

হোটেলখনৰ স্বত্বাধিকাৰী বা কতৃপক্ষই কৰা এনে অবিবেচিত কাণ্ডই জনসাধাৰণক ভয়ংকৰ বিপদৰ মাজলৈ ঠেলি দিব পাৰে।