NORTHEAST NOW (Assamese)
অসম

পৃথক কমতাপুৰ আৰু জনজাতিকৰণৰ দাবীত ২৯ আগষ্টৰ পৰা ৩৬ ঘণ্টীয়া অসম বন্ধৰ আহ্বান কোচ ৰাজবংশী ছাত্ৰ-সন্থাৰ

Posted by: এন ই নাও নিউজ August 27, 2018 6:48 pm
Akrasu

পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত আক্ৰাছুৱে পুনৰ আন্দোলনৰ কাৰ্য্যসূচী ঘোষণা কৰিছে।

কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ এটা সূত্ৰৰ পৰা এই কথা জানবি পৰা গৈছে। ছাত্ৰ সংগঠনটোৱে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে তেওঁলোকক দিয়া প্ৰতিশ্ৰুতি ভংগ কৰা বুলি অভিযোগ আনিছে।

ইয়াৰ প্ৰতিবাদত ২৯ আগষ্টৰ পুৱা ৫ বজাৰ পৰা ৩৬ ঘণ্টীয়া অসম-কমতাপুৰ বন্ধৰ আহ্বান জনাইছে সংগঠনটোৱে।

আনহাতে আক্ৰাছুৱে আহ্বান জনোৱা এই অসম বন্ধলৈ সমৰ্থন আগ বঢ়াইছে চিলাৰায় সেনা, কোচ ৰাজবংশী মহিলা সমিতি আৰু অসম কোচ ৰাজবংশী সন্মিলনীয়ে।

উল্লেখযোগ্য যে কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ দাবীত যোৱা ৬ আগষ্টত কোচ ৰাজবংশী সন্মিলনীয়ে কোকৰাঝাৰৰ চৌতাৰা ৰেইল ষ্টেইশ্যনত ৰেইল অৱৰোধ কাৰ্য্যসূচী লৈছিল।

উক্ত কাৰ্য্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে লাঠীচালনা কৰাত কেইবাজনো লোক আহত হৈছিল। তাৰ প্ৰতিবাদত কোচ সন্মিলনীয়ে যোৱা ১৪ আগষ্টত অসম বন্ধ দিছিল যদিও পিছত সেয়া প্ৰত্যাহাৰ কৰে।

মন কৰিব লগীয়া কথাটো হ’ল বিগত তিনি দশক ধৰি জনজাতিকৰণৰ নামত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে অসমৰ ছয় জনগোষ্ঠীক বিভিন্ন সময়ত প্ৰতিশ্ৰুতি দি আহিছে যদিও আজি পৰ্য্যন্ত জনগোষ্ঠীকেইটাৰ জনজাতিকৰণৰ প্ৰাথমিক কামেই আৰম্ভ হোৱা নাই।