NORTHEAST NOW (Assamese)
অসম

টাংচা জনগোষ্ঠীৰ বিহুকু উদযাপন, জিলিকি উঠিল প্ৰেম আৰু ভাতৃত্বৰ এনাজৰী

Posted by: মানস প্রতীম গগৈ Updated by: মানস প্রতীম গগৈ January 6, 2021 7:21 am

মঙলবাৰে তিনিচুকীয়া জিলাৰ অসম অৰুণাচলৰ সীমান্তৱৰ্তী মাৰ্ঘেৰিটা মহকুমাৰ খাৰাংকঙৰ টাংচা ৰাইজে ঘৰে ঘৰে পৰম্পৰাগতভাৱে জাতীয় উৎসৱ বিহুকু পালন কৰে।

জাগুনৰ খাৰাংকঙত টাংচা ৰাইজে পুৱা পতাকা উত্তোলন কৰাৰ লগতে নিজস্ব নীতি-নিয়মৰ মাজেৰে বিহুকু আৰম্ভ কৰে।

টাংচা জনগোষ্ঠীৰ জ্যেষ্ঠ ব্যক্তি লুকাম টংলোমে শুভাৰম্ভ কাৰ্যসূচীৰে ঘৰে ঘৰে বিহুকু আৰম্ভ কৰে।

তিনিচুকীয়া জিলাৰ বেচৰকাৰী সংস্থা সূৰ্যোদয়ৰ সঞ্চালক অখিল চন্দ্ৰ বৰুৱাই বিহুকুৰ প্ৰেম আৰু ভাতৃত্বৰ এনাজৰী অধিক সুদৃঢ় হোৱাৰ মানসেৰে প্ৰতি বছৰৰ দৰে এইবাৰো টাংচা জনগোষ্ঠীৰ বয়োজ্যেষ্ঠ সন্মানীয় ব্যক্তি লুকাম টংলোম, সমাজকৰ্মী য়ানিম মচাং, সাংস্কৃতিক কৰ্মী পঞ মচাং আৰু কেইবাগৰাকী টাংচা জনগোষ্ঠীৰ সন্মানীয় ব্যক্তিক ফুলাম গামোছাৰে শুভেচ্ছা জনায়।

টাংচা জনগোষ্ঠীৰ অতি আদৰৰ উৎসৱ বিহুকুত টাংচা ছাত্ৰ সন্থাৰ লেখাপানীৰ সম্পাদক নয়ুং মচাঙে সকলো ৰাইজলৈ শুভেচ্ছা জনাইছে।

আনহাতে আজিৰ বিহুকু উৎসৱত সূৰ্যোদয়ৰ প্ৰাক্তন সম্পাদক দিগন্ত দাস আৰু গৌতম বৰুৱাই সকলোকে আদৰণি জনায়।