NORTHEAST NOW (Assamese)
Popular Stories

ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীৰ পুত্ৰ নিখোজ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 6, 2021 8:25 am

ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা বিজেপি নেতা বিশ্বজিৎ দৈমাৰীৰ পুত্ৰ মঙলবাৰৰ দুপৰীয়া ৩ বজাৰ পৰা নিখোজ হৈ আছে বুলি জানিব পৰা গৈছে।

কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰোশনে এই ঘটনাটো গুৰুত্বসহকাৰে গ্ৰহণ কৰি নিজেই তদন্তৰ নেতৃত্ব লৈছে।

ইতিমধ্যে আৰক্ষী অধীক্ষক ৰোশনৰ নেতৃত্বত আৰক্ষীৰ এটা বৃহৎ দলে প্ৰাক্তন সাংসদ গৰাকীৰ ১৬ বছৰীয়া পুত্ৰৰ সন্ধান উলিয়াবলৈ তদন্ত আৰম্ভ কৰিছে।

বিশ্বজিৎ দৈমাৰীৰৰ পুত্ৰ অমৃতৰাজ দৈমাৰী কোকৰাঝাৰৰ ৰিয়েলিটি পাব্লিক স্কুলত অধ্যয়নৰত ছাত্ৰ।

শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, প্ৰাক্তন সাংসদ গৰাকীৰ পুত্ৰ যি অঞ্চলৰ পৰা সন্ধানহীন হোৱা বুলি ধাৰণা কৰা হৈছে সেই সময়ত অঞ্চলটোত হোৱা গতি বিধি চিচি টিভিৰ ফুটেজ সংগ্ৰহ কৰি নিৰীক্ষণ কৰিছে তদন্তকাৰী আৰক্ষীৰ দলে।