NORTHEAST NOW (Assamese)
অসম

নগাঁৱত ছাউণ্ড ছিষ্টেম প্ৰভাইডাৰ্ছ এছোচিয়েচন অৱ আছামৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা সম্পন্ন

Posted by: মুৰুলী বৰুৱা Updated by: মুৰুলী বৰুৱা January 28, 2021 6:50 am
IMG-20210127-WA0006

নগাঁও চহৰৰ সমীপৱৰ্তী বৰঘাটত বুধবাৰে ছাউণ্ড ছিষ্টেম প্ৰভাইডাৰ্ছ এছোচিয়েচন অৱ আছামৰ কেন্দ্ৰীয় সমিতিৰ এখন কাৰ্যনিৰ্বাহক সভা  অনুষ্ঠিত হয়।

এছ এছ পি এ এৰ কাৰ্যকৰী সভাপতি বিপুল দাসে সভাপতিত্ব কৰা সভাত ল’ৱাৰ আছাম ছাউণ্ড এছোচিয়েচনৰ সম্পাদক অবিন চন্দ্ৰ নাথৰ লগতে গোৱালপাৰা, চিৰাং জিলাৰ কেবাই গৰাকী সদস্যই অংশ গ্ৰহণ কৰে।

একেদৰে গুৱাহাটী, দৰং, ওদালগুৰি, নগাঁও, যোৰহাটকে আদি কৰি বহুকেইখন জিলাৰ সদস্যই সভাত অংশগ্ৰহণ কৰি বহু কেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে।

বিশেষকৈ বহিঃ ৰাজ্যৰ ছাউণ্ড ছিষ্টেমৰ যোগানকাৰীৰে অসমৰ বজাৰ ভৰি পৰিছে আৰু শেহতীয়াকৈ শিৱসাগৰৰ জেৰেঙা পথাৰত প্ৰধান মন্ত্ৰীৰ সভাত শব্দ বিজুতিত ছাউণ্ড ছিষ্টেম প্ৰভাইডাৰ্ছ এছোচিয়েচন অৱ আছামৰ সভাই গভীৰ দুখ প্ৰকাশ কৰাৰ লগতে উক্ত ঘটনাৰ তদন্ত কৰি দোষীক দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰাৰ দাবী উত্থাপন কৰে।

লগতে ভৱিষ্যতে অসমত হোৱা চৰকাৰী বেচৰকাৰী অনুষ্ঠানত যাতে বহিঃৰাজ্যৰ ছাউণ্ড মালিকে ছাউণ্ড সেৱা আগবঢ়াব নোৱাৰে তাৰ বাবে প্ৰবল দাবী উত্থাপন কৰে ছাউণ্ড ছিষ্টেম প্ৰভাইডাৰ্ছ এছোচিয়েচন অৱ আছামৰ কাৰ্যকৰী সভাপতি বিপুল দাসে।

তাৰ সমান্তৰালকৈ থলুৱা লোকৰ শব্দ যন্ত্ৰ ভাড়াত ল’বলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক সভাই আহ্বান জনাইছে।

 ছাউণ্ড ছিষ্টেম প্ৰভাইডাৰ্ছ এছোচিয়েচন অৱ আছামৰ প্ৰথম বাৰ্ষিক মুকলি অধিৱেশন গুৱাহাটীত ফেব্ৰুৱাৰী মাহৰ ২৭ আৰু ২৮ তাৰিখে অনুষ্ঠিত কৰা হ’ব বুলি সৰ্বসন্মতি ক্ৰমে এটি প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

সকলো অনুষ্ঠান চলি থকাৰ সমান্তৰালকৈ সাংস্কৃতিক অনুষ্ঠানসমূহ চলিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনায় এছ এছ পি এ এ ৰ সম্পাদক প্ৰতাপ কোৱঁৰে।