NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত কৃষ্ণগুৰু আন্তৰ্জাতিক আধ্যাত্মিক যুৱ অধিৱেশন : মঞ্চতে ‘জয় কৃষ্ণগুৰু’ ধ্বনি মুখ্য মন্ত্ৰী সোণোৱালৰ

Posted by: পাৰ্শ্বজ্যোতি গগৈ October 14, 2018 8:36 pm
CM_KrishnaGuru

শিৱসাগৰৰ ব’ৰ্ডিং খেলপথাৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা কৃষ্ণগুৰু আন্তৰ্জাতিক আধ্যাত্মিক যুৱ সমাজৰ বিংশিততম দ্বি-বাৰ্ষিক অধিৱশনৰ আজিৰ সামৰণি কাৰ্য্যসূচীত উপস্থিত থাকে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

বিয়লি এক বজাত কৃষ্ণগুৰু আন্তঃৰাষ্ট্ৰীয় পৰিচালনা সমিতিৰ সভাপতি মুকুল ডেকাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে ভাষণ দি অসমৰ সোণোৱালে কয় যে যুৱ শক্তি মহান শক্তি। যিখন ৰাষ্ট্ৰত যুৱ শক্তি অত্যন্ত শক্তিশালী, সেই ৰাষ্ট্ৰই বিশ্ব জয় কৰিব পাৰে। আধ্যাত্মিক জ্ঞানৰ মাধ্যমেৰে ছয় ৰিপু দমনৰ জৰিয়তে নৱ প্ৰজন্ম অগ্ৰসৰ হ’লেহে অসমে বিশ্বৰ ভিতৰত সফল ৰাজ্য হিচাপে প্ৰতিষ্ঠা লাভ কৰিব পাৰিব।

তাৎপৰ্য্যপূৰ্ণভাৱে মুখ্য মন্ত্ৰীজনে মহাবীৰ লাচিত বৰফুকন, বীৰ চিলাৰায়ৰ দৰে মহান বীৰৰ ৰাজ্যত অসমৰ নতুন প্ৰজন্মক কৃষ্ণগুৰুৰ আদৰ্শ ল’বলৈ আহ্বান জনায়। তাৰ বাবে তেওঁ যুৱ প্ৰজন্মক আধ্যাত্মিক ধ্যান-ধাৰণাৰে পৰিপুষ্ট হ’বলৈও আহ্বান জনায়।

তেওঁ কয়, “সতী জয়মতী, ৰাধিকা, সাধনী আৰু বীৰংগণা কনকলতাই অসমীয়া নাৰী সমাজক বহু পূৰ্বেই ত্যাগৰ আদৰ্শৰে মহীয়ান কৰি থৈ গৈছে। কৃষ্ণ গুৰুৱেও এই আদৰ্শৰে অসমীয়া সমাজ জীৱনক উদ্বুদ্ধ কৰি থৈ গৈছে। স্বৰ্গদেও চাওল্যুং চুকাফাৰ দৰে মহান স্বৰ্গদেৱে একালৰ এই পুণ্যভূমি শিৱসাগৰৰ পৰাই যিদৰে বৰ অসমৰ ভেটি প্ৰতিষ্ঠা কৰিছিল তেনেদৰে গুৰু ভক্তিৰে প্ৰতিজন অসমীয়াই আমাৰ ৰাজ্যখনক সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব লাগিব।”

তেওঁ লগতে কয়,“বিশুদ্ধতা আৰু সংস্কাৰৰ জৰিয়তে এখন শক্তিশালী মানৱ সমাজ নিৰ্মাণ সম্ভৱ হয়।”

উল্লেখযোগ্য যে মুখ্য মন্ত্ৰীজনে আজি মঞ্চতে উচ্চস্বৰে জয় কৃষ্ণগুৰু ধ্বনি দিয়ে, যিটোৰ বাবে তেওঁৰ পদবীৰ সৈতে কথাটোক ৰজিতা খুৱাই ল’বলৈ অসুবিধা পায় বহুতে।