NORTHEAST NOW (Assamese)
দেশ

পেগাচাছ স্পাইৱেৰ: উচ্চতম ন্যায়ালয়ৰ নিযুক্ত কাৰিকৰী সমিতিক মাত্ৰ দুজন ব্যক্তিৰ ফোন জমা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 4, 2022 7:15 pm
Pegasus

পেগাচাছ স্পাইৱেৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ দ্বাৰা নিযুক্ত কাৰিকৰী সমিতিৰ হাতত মাত্ৰ দুজন এতিয়ালৈকে তেওঁলোকৰ ফোন দিয়াৰ প্ৰতিশ্ৰুতি দিছে। এই কথা সদৰি কৰিছে উচ্চতম ন্যায়ালয়ে।

ইয়াৰ ফলত পেনেলখনে পেগাচাছ স্পাইৱেৰ প্ৰভাৱিত ব্যক্তিসকলক পেনেলৰ সন্মুখত উপস্থিত হোৱাৰ সময়সীমা বৃদ্ধি কৰিবলৈ বাধ্য হৈছে।

উচ্চতম ন্যায়ালয়ে নিযুক্ত কৰা কাৰিকৰী সমিতিয়ে এতিয়া ৮ ফেব্ৰুৱাৰীলৈকে সময় সীমা বৃদ্ধি কৰিছে।

যিসকলে পেগাচাছ স্পাইৱেৰৰ দ্বাৰা তেওঁলোকৰ মোবাইল ডিভাইছ প্ৰভাৱিত হৈছে বুলি সন্দেহ কৰে, তেওঁলোকক পেনেলৰ সৈতে যোগাযোগ কৰিবলৈ নিৰ্দেশ দিছে।

নিউয়ৰ্ক টাইমছৰ এক শেহতীয়া প্ৰতিবেদনত দাবী কৰা হৈছে যে ভাৰতে ২০১৭ চনত ইজৰাইলৰ সৈতে ২ বিলিয়ন আমেৰিকান ডলাৰৰ প্ৰতিৰক্ষা চুক্তিৰ অংশ হিচাপে পেগাচাছ স্পাইৱেৰ ক্ৰয় কৰিছিল।

এই অভিযোগৰ পিছতে যোৱা শনিবাৰে দেশৰ ৰাজনীতিত তুমুল বিতৰ্কৰ সৃষ্টি হৈছিল।

বিৰোধীয়ে অভিযোগ কৰিছিল যে চৰকাৰে অবৈধ স্নুপিংত লিপ্ত হৈছে আৰু চৰকাৰৰ এই কাৰ্য দেশদ্ৰোহীৰ সমপৰ্য্যায়ৰ।

বৃহস্পতিবাৰে জাৰি কৰা এক ৰাজহুৱা জাননীত উচ্চতম ন্যায়ালয়ৰ নিযুক্ত পেনেলে কয় যে জানুৱাৰীত ৰাইজৰ ওচৰত প্ৰাৰম্ভিক আবেদনৰ সঁহাৰি স্বৰূপে মাত্ৰ দুজন ব্যক্তিয়ে তেওঁলোকৰ মোবাইল জমা দিছে।