NORTHEAST NOW (Assamese)
দেশ

জম্মু-কাশ্মীৰত আৰক্ষীৰ অভিযানত দুই সন্ত্ৰাসবাদীৰ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 5, 2022 7:13 pm
Jammu and Kashmir

বিগত কিছুদিন ধৰি জম্মু-কাশ্মীৰত অব্যাহত থকা সেনা-আৰক্ষীৰ উগ্ৰপন্থী বিৰোধী অভিযান ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে।

আজি পুৱা শ্ৰীনগৰৰ জাকুৰা অঞ্চলত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবা (এল ই টি)-দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট (টিআৰএফ)ৰ সৈতে সম্পৰ্ক থকা দুজন সন্ত্ৰাসবাদী শ্ৰীনগৰ আৰক্ষীৰ গুলীয়াই নিহত কৰে।

এনকাউণ্টাৰত নিহত এজন সন্ত্ৰাসবাদীক ইখলাক হাজাম বুলি চিনাক্ত কৰা হৈছে বুলি কাশ্মীৰৰ আৰক্ষী মহাপৰিদৰ্শক বিজয় কুমাৰে জানিবলৈ দিয়ে।

 

হাজাম শেহতীয়াকৈ জম্মু আৰু কাশ্মীৰৰ অনন্তনাগ জিলাৰ হাছানপোৰাত হেড কনিষ্টবল আলী মুহাম্মাদ গনিৰ হত্যাত জড়িত আছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

আৰক্ষী অধীক্ষক বিজয় কুমাৰে সংঘৰ্ষস্থলীৰ পৰা দুটা পিষ্টলসহ আন কিছু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰা হৈছে বুলি জানিবলৈ দিয়ে।