NORTHEAST NOW (Assamese)
অসম

সমষ্টিবাসীক স্বাস্থ্যৰ প্ৰতি সজাগ কৰিবলৈ বিধায়ক অখিল গগৈৰ ব্যতিক্ৰমী পদক্ষেপ

Posted by: পার্শ্বজোতি গগৈ, শিৱসাগৰ Updated by: পার্শ্বজোতি গগৈ, শিৱসাগৰ February 5, 2022 6:58 pm
Akhil Gogoi

শিৱসাগৰবাসী ৰাইজক সু-স্বাস্থ্যৱান আৰু স্বাস্থ্যৰ প্ৰতি সজাগ কৰিবলৈ বিধায়ক অখিল গগৈয়ে গ্ৰহণ কৰিছে এক অভিনৱ পদক্ষেপ।

আজি বিধায়ক অখিল গগৈয়ে শিৱসাগৰৰ ঐতিহাসিক বৰপুখুৰী পাৰত অৱস্থিত আনন্দৰাম বৰুৱা উদ্যানত এটা মুকলি আধুনিক মাল্টিজিম নিৰ্মাণৰ কাম শুভাৰম্ভ কৰে।

বিধায়ক পুঁজিৰ দহ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলৈ লোৱা এই আধুনিক মাল্টিজিমটো অহা তিনি মাহৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰি ৰাইজৰ বাবে মুকলি কৰি দিব বুলি জনায় অখিল গগৈয়ে।

আনটাইড ফাণ্ডৰ অধীনত উদ্যানখনৰ সৌন্দৰ্য্যবৰ্ধন কৰাৰ লগতে উদ্যানখন পুণঃনিৰ্মান আৰু টয় ট্ৰেনৰ মেৰামতি কৰা হব বুলিও জনায় বিধায়ক অখিল গগৈয়ে।

লগতে তেওঁ এতিয়াৰে পৰা শিৱসাগৰৰ উন্নয়নৰ কাম তৰাম্বিত হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে। বিভিন্ন বিভাগৰ SCEME তৈয়াৰ কৰি চৰকাৰক দিয়া হৈছে বুলিও জানিবলৈ দিয়ে অখিল গগৈয়ে।

তেওঁ শিৱসাগৰে বঞ্চিত হোৱা CIDF ফাণ্ডৰ ১০০ কোটি টকা আগন্তুক ৬ মাহৰ ভিতৰত পোৱাৰ আশা প্ৰকাশ কৰে।