NORTHEAST NOW (Assamese)
অসম

Covid Update: ৰাজ্যত হ্ৰাস পাইছে সংক্ৰমণ! যোৱা ২৪ ঘন্টাত কিমান আক্ৰান্ত হ’ল ক’ভিডত; মৃত্যু কিমানৰ?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 6, 2022 6:45 am
index

ৰাজ্যত বিগত ২৪ ঘন্টাত ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা হ্ৰাস পোৱাৰ লগতে পজিটিভিটিৰ হাৰো যথেষ্ট হ্ৰাস পাইছে যদিও দৈনিক মৃত্যুৰ সংখ্যা প্ৰায় অপৰিৱৰ্তিত হৈ আছে।

বিগত ২৪ ঘন্টাত পজিটিভিটিৰ হাৰ হ্ৰাস পোৱাৰ বিপৰীতে সুস্থতাৰ হাৰ আৰু বৃদ্ধি পাইছে।

শনিবাৰৰ দিনটোত ৰাজ্যখনত মুঠ ৪৪৬ গৰাকী লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে।

ইপিনে, বিগত ২৪ ঘন্টাত কেৱল কামৰূপ মহানগৰ জিলাতে আক্ৰান্ত হৈছে ১০৯গৰাকী লোক।

লগতে পঢ়ক: স্বাস্থ্যৰ অৱনতি! পুনৰ ভেন্টিলেশ্যনলৈ নিয়া হৈছে কিংবদন্তি কণ্ঠশিল্পী লতা মংগেশকাৰক

শনিবাৰে ৰাজ্যখনত মুঠ ২১,১৫২ গৰাকী লোকৰ ক’ভিড টেষ্ট কৰা হয়।

এই সময়ছোৱাত ৰাজ্যখনত পজিটিভিটিৰ হাৰ হৈছে ২.১১ শতাংশ।

সেইদৰে, সুস্থতাৰ হাৰ হৈছে ৯৭.৪৪ শতাংশ।

ইপিনে, বিগত ২৪ ঘন্টাত ৰাজ্যখনত কভিডত জন লোকৰ মৃত্যু ঘটিছে।