NORTHEAST NOW (Assamese)
অসম

বগা হাতীত পৰিণত গুৱাহাটী পানী যোগান প্ৰকল্পৰ তদন্ত ঘোষণা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 6, 2022 9:40 am
Water supply project

অসম চৰকাৰে জাপান ইন্টাৰনেশ্যনেল কোপাৰেশ্যন এজেন্সিৰ সাহায্যত (জাইকা) চলি থকা গুৱাহাটী পানী যোগান প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ তথা আপত্তিৰ সন্দৰ্ভত এক তদন্ত ঘোষণা কৰিছে।

এই তদন্তই পানী যোগান প্ৰকল্পটোৰ আঁসোৱাহ তথা দুৰ্নীতিৰ অভিযোগসমূহ পৰীক্ষা কৰি চাব।

এক চৰকাৰী বিবৃতিত কোৱা হৈছে, ‘’ অসম চৰকাৰে জাইকা সমৰ্থিত গুৱাহাটী পানী যোগান প্ৰকল্পটোৰ দুৰ্নীতিৰ সম্পৰ্কত উত্থাপিত অভিযোগৰ তদন্ত কৰিবলৈ অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব পবন কুমাৰ বৰঠাকুৰক নিযুক্তি দিছে।‘’

বিষয়াগৰাকীক এসপ্তাহৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে।

লগতে পঢ়ক: প্ৰাইভেট মেডিকেল কলেজৰ ৫০শতাংশ আসনৰ পাঠ্যক্ৰম মাছুল হ’ব চৰকাৰী কলেজৰ দৰে

‘’বিষয়টো সন্দৰ্ভত তেওঁক নিযুক্তিৰ ৭দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে,’’- বিবৃতিটোত কোৱা হয়।

উল্লেখ্য যে গুৱাহাটীত জাইকাৰ অধীনত কেইবাটাও পানী যোগান প্ৰকল্প আছে যিবোৰ তেওঁলোক সময়সীমা উকলি যোৱাৰ পিছত এতিয়াও সম্পূৰ্ণ হোৱা নাই।

বিগত দিনবোৰত এই প্ৰকল্পসমূহত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ তুলি বহুকেইখন আবেদন কৰা হৈছে।