NORTHEAST NOW (Assamese)
অসম

‘ব্ৰহ্মপুত্ৰৰ দৰে চিৰকাল অসমীয়াৰ মনত প্ৰৱাহিত হৈ থাকিব লতা মংগেশকাৰৰ কণ্ঠ’

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী February 6, 2022 3:57 pm

কিংবদন্তী গায়িকা লতা মংগেশকাৰৰ মৃত্যুত শোক প্ৰকাশ কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে কয় যে অসমীয়া সংগীতলৈ তেওঁৰ যোগাই যোৱা অৱদানৰ বাবে ৰাজ্যবাসীৰ মনত লতা মংগেশকাৰ সদায় সজীৱ হৈ থাকিব।

ৰাজ্যপাল জগদীশ মুখীয়ে কয় যে লতা মংগেশকাৰৰ গানবোৰে প্ৰতিজন ভাৰতীয়ৰ হেন্দোলনি তুলি থাকিব।

তেওঁৰ ঈশ্বৰ প্ৰদত্ত কণ্ঠই তেওঁক গোটেই পৃথিৱীজুৰি প্ৰিয় কৰি তুলিছিল।

তেওঁৰ অনুপস্থিতিৰ শূন্যতা কোনো বিকল্পৰে পূৰণ কৰিব পৰা নাজাব বুলি ৰাজ্যপালগৰাকীয়ে প্ৰকাশ কৰে।

মুখ্যমন্ত্ৰীয়ে কয় যে বৰলুইতৰ দৰে অসমত মংগেশকাৰৰ কণ্ঠস্বৰ জনগণৰ মনত চিৰকাল প্রবাহিত হৈ ৰ’ৱ। লতাজী আমাৰ হৃদয়ৰ খুব ওচৰত আছিল আৰু তেওঁ অসমৰ জনসাধাৰণৰ সৈতে এক আত্মীক সম্পৰ্ক স্থাপন কৰিছিল।

ভূপেন দা (ভূপেন হাজৰিকা)ই অসমৰ প্ৰাকৃতিক সৌন্দৰ্য বৰ্ণনা কৰাৰ পিছত চকু মুদি তেওঁ তেওঁৰ প্ৰথমটো অসমীয়া গীত ‘জোনাকোৰে ৰাতি’ গাইছিল,” শৰ্মাই টুইটত কয়।

তেওঁ ‘গোদাৱৰী নৈৰে পাৰৰে পৰা’ আৰু ‘ৰদ পুৱাবৰ কাৰণে’ৰ দৰে জনপ্ৰিয় অসমীয়া গীতো গাইছিল। এনেবোৰ গীতত অসমৰ প্ৰতি তেওঁৰ অনুৰাগ প্ৰতিফলিত হৈছে।