NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰ জতকীয়াৰ চাৰিআলি অ’এন জি চি-জিজিএছত নিশা ভয়ংকৰ অগ্নিকাণ্ড

Posted by: পার্শ্বজোতি গগৈ, শিৱসাগৰ Updated by: পার্শ্বজোতি গগৈ, শিৱসাগৰ February 7, 2022 7:34 am
Fire at ONGC

শিৱসাগৰ জতকীয়াৰ চাৰিআলি অ’এন জি চিৰ জিজিএছত দেওবাৰে নিশা এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।

নিশা প্ৰায় ৮.১০ বজাত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা।

জিজিএছ চৌহদৰ ভিতৰত সংঘটিত হোৱা এই ভয়ংকৰ অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।

লগতে পঢ়ক: যোৰহাটৰ নিমাতি ঘাটত পুনৰ এক অঘটন; কন্যাসহ আত্মহত্যাৰ চেষ্টা মাতৃৰ

শিৱসাগৰ, নাজিৰৰ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনৰ লগতে অ’এনজিচিৰ অগ্নি নিৰ্বাপক বাহিনীৰ ২০ খনৰো অধিক বাহনে প্ৰায় ৩ ঘন্টাজোৰা প্ৰচেষ্টাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

ইপিনে নিশা বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক জিজিএছত প্ৰৱেশত বাধা প্ৰাদান কৰে চিআইএছএফে।

ভয়ংকৰ অগ্নিকাণ্ডটোৰ ফলত হোৱা ক্ষয়ক্ষতিৰ বিষয়ে সৱিশেষ জানিব পৰা হোৱা নাই।