শিক্ষকৰ নামত কলংক: নাবালিকাক যৌন নিৰ্যাতন চলাই গ্ৰেপ্তাৰ হ’ল শিক্ষক

সমাজক পোহৰৰ পথ দেখুওৱা, নৱজাগৰণৰ পথ দেখুওৱা শিক্ষক বৃত্তিত কলঙ্ক সানিলে এজন শিক্ষকে। এগৰাকী ৪ ৰ্থ শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতন চলাই ৰঙা ঘৰৰ অতিথি হ’বলগীয়া হৈছে এইগৰাকী ভণ্ড শিক্ষক।
হায়দৰাবাদৰ চাত্ৰিনাকা অঞ্চলৰ এই স্কুল শিক্ষক গৰাকীয়ে শনিবাৰে নাবালিকা গৰাকীক যৌন নিৰ্যাতনৰ অপচেষ্টা চলায়।
ভুক্তভোগী ছাত্ৰী গৰাকীয়ে শনিবাৰে পুৱা ৮ বজাত বিদ্যালয়ত উপস্থিত হয়। ছাত্ৰী গৰাকী বিদ্যালয়ত উপস্থিত হোৱাৰ মুহূৰ্তত শ্ৰেণীৰ আন ছাত্ৰ-ছাত্ৰী বিদ্যালয়ত উপস্থিত হোৱা নাছিল।
শ্ৰেণীকোঠাত অকলে থকা ছাত্ৰীগৰাকীক হঠাতে অভিযুক্ত শিক্ষকজনে গাৰ কাপোৰ আঁতৰাবলৈ চেষ্টা চলায় বুলি অভিযোগ উত্থাপন হৈছে।
অভিযুক্ত শিক্ষক জনে আনকি নাবালিকা গৰাকীয়ে এই নিৰ্যাতনৰ পৰা মুকলি হ’বৰ বাবে চিঞৰাৰ বাবে নাবালিকা গৰাকীক মাৰ-পিটো কৰে।
অৱশেষত বিদ্যালয়ৰ আন কৰ্মচাৰী ঘটনাস্থলীত উপস্থিত হৈ নাবালিকা ছাত্ৰী গৰাকীক উদ্ধাৰ কৰে।
আনহাতে নাবালিকা গৰাকীৰ পৰিয়ালে এই সন্দৰ্ভত অভিযোগ কৰাৰ বাবে বিদ্যালয় কৰ্তৃপক্ষৰ পৰা সতৰ্কবাণীৰ সন্মুখীন হোৱা বুলিও জানিব পৰা গৈছে।
ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত শিক্ষক জনেক গ্ৰেপ্তাৰ কৰি নিজৰ জিম্মাত লৈছে।
তেওঁৰ বিৰুদ্ধে যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা (POCSO) আইন, কিশোৰ ন্যায় আইন আৰু ভাৰতীয় দণ্ডবিধি উলংঘা কৰাৰ অভিযোগ আৰোপ কৰা হৈছে।