NORTHEAST NOW (Assamese)
অসম

সমষ্টিত সক্ৰিয় অখিল গগৈ: চিকিৎসালয়ত চিকিৎসকৰ অনুপস্থিতিত ক্ষুণ্ণ

Posted by: পার্শ্বজোতি গগৈ, শিৱসাগৰ Updated by: পার্শ্বজোতি গগৈ, শিৱসাগৰ February 7, 2022 9:40 pm
Akhil Gogoi

বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছতে সমষ্টিটোত সক্ৰিয়তা প্ৰদৰ্শন কৰিছে বিধায়ক অখিল গগৈয়ে।

নিজৰ ব্যতিক্ৰমী কাম-কাজেৰে স্থানীয় ৰাইজৰ ক্ৰমে কাষ চাপিবলৈ সক্ষম হৈছে অখিল গগৈ।

আজি বিধায়ক অখিল গগৈয়ে খেলুৱা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চাডেন ভিজিট দিয়ে।

ভ্ৰমণ কালত স্বাস্থ্য কেন্দ্ৰটোত চিকিৎসক নাপাই ক্ষুন্ন হৈ পৰে অখিল গগৈ।

আনহাতে স্বাস্থ্য কেন্দ্ৰটোত নিয়োজিত চিকিৎসকজন প্ৰায়ে অনুপস্থিত থাকে বুলি অভিযোগ কৰে স্থানীয় ৰাইজে।

ৰাইজৰ অভিযোগৰ পিছতে চিকিৎসালয়ৰ পৰাই স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকালয়ক ফোন যোগে সতৰ্ক কৰি দিয়ে বিধায়ক অখিল গগৈয়ে।

লগতে বিধায়কজনে অনুপস্থিত থকা চিকিৎসকজনৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।