NORTHEAST NOW (Assamese)
অসম

মৃত মাতৃৰ দুগ্ধপান কৰিলে সন্তানে : এয়া কি কাম কৰলে দাদুলে?

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী November 21, 2024 9:12 pm
মৃত মাতৃৰ দুগ্ধপান কৰিলে সন্তানে : এয়া কি কাম কৰলে দাদুলে?

এক হৃদয় বিদাৰক কাহিনী। নগাঁও চহৰৰ সমীপৰ পুৰণিগুদামৰ মিকিৰহাটৰ বাসিন্দাসকলে আজি দেখা দৃশ্যটো কেতিয়াও পাহৰিব নোৱাৰে

পাঁচটি নৱজাতকে খাইছে মৃত মাতৃৰ বক্ষৰ দুগ্ধ।

দুদিন পূৰ্বে জন্ম পাইছিল সন্তান কেইটাই। কিন্তু দাদুল শইকীয়া নামৰ এজন ব্যক্তিয়ে প্ৰহাৰ কৰি হত্যা কৰিলে মাতৃক।

এনে অমানৱীয় আৰু ক্ষমাহীন কাম কৰিলে দাদুল শইকীয়াই।

দুদিন পূৰ্বে জগিছিল কুকুৰজনীৰ পাঁচটা পোৱালী। কিন্তু আজি কুকুৰজনীক হত্যা কৰিলে দাদুলে। 

এই দৃশ্য দেখি চকুলো টুকিছে প্ৰত্যক্ষদৰ্শীয়ে। ইতমধ্যে প্ৰশাসনৰ ওচৰত অভিযোগ দাখিল কৰিছে স্থানীয় ৰাইজে। এতিয়া প্ৰশাসনে ধৃত দাদুলৰ বিৰুদ্ধে কি ব্যৱস্থা ল’ব সেয়া হ’ব লক্ষনীয়।