NORTHEAST NOW (Assamese)
NORTHEAST NOW (Assamese)
  • Home
  • অভিমত
  • অসম
  • আন্ত: ৰাষ্ট্ৰীয়
  • ক্ৰীড়া
  • জীৱনশৈলী
  • দেশ
  • প্ৰাসংগিক প্ৰশ্ন
অসম

মুম্বাইত বিনিয়োগকাৰীৰ সৈতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মত বিনিময়

Posted by: এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী : November 29, 2017 5:02 pm
মুম্বাইত বিনিয়োগকাৰীৰ সৈতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মত বিনিময়

 

ছিউলত এক অনুষ্ঠানত বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী ৰিহন দৈমাৰী।

আজি মুম্বাইত অনুষ্ঠিত এক ৰ’ডশ্ব’ৰ অনুষ্ঠানত অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সংবাদ মাধ্যম আৰু বিভিন্ন ক্ষেত্ৰৰ বিনিয়োগকাৰীৰ সৈতে অসমত বিনিয়োগৰ সম্ভাৱনা সম্পৰ্কত মত বিনিময় কৰে। উক্ত অনুষ্ঠানত সোণোৱালৰ সৈতে ৰাজ্যখনৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীও উপস্থিত আছিল। মত বিনিময় অনুষ্ঠানত অসমত থকা বিনিয়োগৰ সুযোগ, সম্ভাৱনা আৰু নিৰাপত্তা সম্পৰ্কত ইতিবাচক ছবি এখন দাঙি ধৰা হয়। উল্লেখযোগ্য যে অসম চৰকাৰে অহা ফেব্ৰুৱাৰি ৩ আৰু ৪ তাৰিখে দুদিনীয়াকৈ দেশী-বিদেশী বিনিয়োগকাৰীক লৈ এডভাণ্টেইজ আছাম শীৰ্ষক Assam Global Investors’ Summit অনুষ্ঠিত কৰিবলৈ ওলাইছে। উক্ত অনুষ্ঠানলৈ যিমান পাৰি অধিক বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ লক্ষ্যৰে ৰাজ্যখনৰ মন্ত্ৰী-আমোলা ব্যস্ত আছে অসমক ব্যৱসায় তথা উদ্যোগ স্থাপনৰ সুবিধাজনক ক্ষেত্ৰ হিচাপে দাঙি ধৰাৰ চেষ্টাত। এই প্ৰচেষ্টাৰ অংশস্বৰূপেই ৰাজ্যখনৰ বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাও সম্প্ৰতি জাপান আৰু দক্ষিণ কোৰিয়া ভ্ৰমণত আছে। বিত্ত মন্ত্ৰীজনে আজি দক্ষিণ কোৰিয়াত ভাৰতীয় দূতাবাসৰ দ্বাৰা আয়োজিত এক ৰ’ডশ্ব’ত তাৰ ব্যৱসায়ী তথা উদ্যোগপতিৰ সৈতে মত বিনিময় কৰে। ‘আছিয়ান’ (ASEAN)ৰ অৰ্থনৈতিক মণ্ডলৰ ক্ষেত্ৰত ভাৰতৰ মূল পথ বা দুৱাৰ হিচাপে খ্যাত অসমত বিনিয়োগৰ বাবে যাতে অধিক বিনিয়োগকাৰীক আগ্ৰহী কৰিব পাৰি তাৰ প্ৰতি চৰকাৰে সৰ্বাধিক গুৰুত্ব দিয়াৰ কথা জনা গৈছে।

Apply Now
← Previousহৰ্নবিল মহোৎসৱৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ : উদ্বোধন… Next →ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী: হাজেলালৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ ‘’ মূল…

You may also like

অসম

ৰংজুলিত বহু হেক্টৰ ভূমিৰ ধাননি খাই তহিলং কৰিলে বন্যহস্তীয়ে; মূৰে-কপালে হাত কৃষকৰ

ৰংজুলি কেইবাখনো গাঁৱত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ ৷ জাকে জাকে বন্যহস্তীয়ে খেতিপথাৰত প্ৰৱেশ কৰি উছন কৰি গৈছে ধাননি ৷ ৰংজুলিৰ কেইবাখনো গাঁৱত…

নীলমনি শর্মা, কৃষ্ণাই · October 23, 2022 6:56 am
অসম

নগাঁও অসামৰিক চিকিৎসালয়ৰ ক’ভিড ৱাৰ্ডত ৬৮খন অক্সিজেনযুক্ত বিচনা উদ্বোধন স্বাস্থ্যমন্ত্ৰীৰ

বৰ্তমানৰ ক’ভিড পৰিস্থিতিত নগাঁও জিলাবাসী ৰাইজৰ সুবিধা হোৱাকৈ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত নতুনকৈ সংযোজিত হ’ল অক্সিজেনযুক্ত বিচনাৰ সুবিধা। জিলাখনৰ মুখ্য চিকিৎসালয়খনৰ…

এন ই নাও নিউজ · May 30, 2021 7:41 am
Popular Stories

মাহেকীয়াৰ সময়ত খাদ্য বনোৱা মহিলাই কুকুৰৰ ৰূপত পুনৰ জনম লাভ কৰিব : স্বামী কৃষ্ণস্বৰূপ দাস

‘যদি মাহেকীয়াৰ সময়ত মহিলা সকলে খাদ্য বনাই তেন্তে নিশ্চিতভাৱে তেওঁ পৰজনমত কুকুৰৰ ৰূপত জন্ম ল’ব,’ গুজৰাটৰ স্বামী কৃষ্ণস্বৰূপ দাসৰ মন্তব্য। এক অনুষ্ঠানত…

এন ই নাও নিউজ · February 18, 2020 5:44 pm
অসম

৪টাকৈ বঁটাৰে ভেনিজুৱালাৰ চলচ্চিত্ৰ মহোৎসৱত জিলিকিল হেম চন্দ্ৰ বৰাৰ ‘দিবাস্বপ্ন’

ভেনিজুৱালাত অনুষ্ঠিত ফাইভ কন্টিনেন্টচ ইন্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত অসমৰ প্ৰবীন চলচিত্ৰ নিৰ্মাতা হেমচন্দ্ৰ বৰাৰ নৱনিৰ্মিত অসমীয়া ছুটি ছবি দিবাস্বপ্ন ( Day dream )ই…

উত্তম শইকীয়া · March 7, 2019 11:55 am
NORTHEAST NOW (Assamese)
NORTHEAST NOW (Assamese) © 2026