NORTHEAST NOW (Assamese)
অসম

গোৱালপাৰা জিলা বড়ো বাৰদলৰ ৭৬ সংখ্যক অধিৱেশন আৰম্ভ

Posted by: নীলমণি শৰ্মা ,কৃষ্ণাই Updated by: নীলমণি শৰ্মা ,কৃষ্ণাই February 10, 2022 11:34 am

গোৱালপাৰা জিলা বড়ো বাৰদলৰ ৭৬ সংখ্যক বাৰ্ষিক অধিবেশন,গোৱালপাৰা জিলা বড়ো বাৰদল কৃষ্টি আফাদৰ ৬৫ সংখ্যক অধিবেশন ,গোৱালপাৰা জিলা বড়ো বাৰদল আইজৗ আফাদৰ ৪৯ সংখ্যক অধিবেশন আৰু গোৱালপাৰা জিলা বড়ো বাৰদল ধৗৰৗম আফাদৰ ১৬ সংখ্যক অধিবেশন সমূহ ৮ ফেব্ৰুৱাৰীৰ পৰা ১১ ফেব্ৰুৱাৰী তাৰিখলৈ চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত  হৈছে । 

দ্বাৰ ডিৰ্মা বড়ো মেদৰ বাথৌ থালসালি,খেলপথাৰ,দালুৱাবাৰীত আয়োজিত অধিবেশন সমূহত গোৱালপাৰা জিলাৰ বড়ো ৰাইজৰ সামাজিক,আইন বিধি,শিক্ষা,ধৰ্ম,শিল্প বিদ্যা আৰু মহিলা সৱলীকৰণ আদি বিভিন্ন দিশ সামৰি পৰ্যালোচনাৰ ব্যৱস্থা কৰা হৈছে ৷

চাৰিদিনীয়া অধিবেশনৰ লগত সংগতি ৰাখি জাতীয় সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে বুলি গোৱালপাৰা জিলা বড়ো বাৰদলৰ সভাপতি অনন্ত কুমাৰ বড়ো আৰু সাধাৰণ সম্পাদক ধনঞ্জয় খাখলাৰীয়ে জানিবলৈ দিছে ৷