NORTHEAST NOW (Assamese)
দেশ

লখিমপুৰ খেৰী হত্যাকাণ্ডৰ মূল অভিযুক্ত কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰক জামিন

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী February 10, 2022 4:02 pm
Lakhimpur Kheri violence

এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠে লখিমপুৰ খেৰী হিংসা গোচৰৰ মুখ্য অভিযুক্ত তথা কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰক জামিন প্ৰদান কৰিছে।

কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰাৰ পুত্ৰ আশীষ মিশ্ৰক যোৱা বৰ্ষৰ ৩ অক্টোবৰত উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত ৯ অক্টোবৰত গ্ৰেপ্তাৰ কৰা হৈছিল।

৩ অক্টোবৰত খেৰীত প্ৰতিবাদী কৃষকক মন্ত্ৰীপুত্ৰৰ কনভয়ে মহতীয়াই নিয়াৰ ফলত চাৰিজন কৃষকৰ মৃত্যু হৈছিল। লখিমপুৰ খেৰী হিংসাৰ ঘটনাৰ তদন্ত কৰি থকা বিশেষ অনুসন্ধানকাৰী দলে এই সন্দৰ্ভত প্ৰতিবাদকাৰী কৃষকসকলক হত্যা কৰাৰ পৰিকল্পিত ষড়যন্ত্ৰ কৰা হৈছিল বুলি মন্তব্য কৰিছিল।

আনহাতে অভিযুক্ত আশীষ মিশ্ৰই দাবী কৰিছিল যে তেওঁ নিৰ্দিষ্ট দিনটোত পুৱা ৯ বজাৰ পৰা বনৱাৰীপুৰত আছিল আৰু ঘটনাস্থলীত উপস্থিত নাছিল।

কিন্তু বিশেষ তদন্ত কমিটিয়ে মিশ্ৰৰ এই দাবী অস্বীকাৰ কৰিছিল। ৯ নৱেম্বৰত ফৰেনচিক বিজ্ঞান গৱেষণাগাৰে নিশ্চিত কৰিছিল যে ৩ অক্টোবৰত লখিমপুৰ খেৰী হিংসাৰ সময়ত অভিযুক্ত আশীষ মিশ্ৰৰ লগতে সতীৰ্থ অংকিত দাসৰ অনুজ্ঞাপ্ৰাপ্ত বন্দুকৰ পৰা গুলী চালনা কৰা হৈছিল।

ঘটনা সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে উত্তৰ প্ৰদেশ চৰকাৰক কঠোৰ সমালোচনা কৰিছিল।

উল্লেখ্য যে ইয়াৰ পূৰ্বে আশীষ মিশ্ৰই দুবাৰকৈ জামিন আবেদন দাখিল কৰিছিল যদিও স্থানীয় আদালতে মিশ্ৰৰ জামিন আবেদন নাকচ কৰিছিল।