NORTHEAST NOW (Assamese)
অসম

মণিপুৰৰ নিৰ্বাচনী প্ৰচাৰৰ মাজতে অপহৰণ অসমৰ FCIৰ ট্ৰাক চালকক

Posted by: কল্পজোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজোতি শইকীয়া, গুৱাহাটী February 10, 2022 4:18 pm
Assam

মণিপুৰৰ নিৰ্বাচনী প্ৰচাৰৰ মাজতে অপহৰণ কৰা হৈছে অসমৰ FCI ৰ ট্ৰাক চালকক। NSCN(K) য়ে অপহৰণ কৰি নিয়াৰ সন্দেহ কৰা হৈছে।

অপহৃত গাড়ীচালক দুজন ক্ৰমে মণিপুৰৰ কংগাবাম ব্ৰজমণি সিং আৰু চাফেৰুদ্দিন।

কংগাবামৰ ঘৰ পূব ইম্ফলৰ আন্দ্ৰ থানাৰ অন্তৰ্গত পইৰ’ খনজিনত আৰু চাফেৰুদ্দিনৰ ঘৰ গুৱাহাটীৰ হাতীগাঁওত।

মণিপুৰৰ অপহৃত গাড়ীচালক কংগাবাম ব্ৰজমণি সিং। ফাইল ফটো।

লগতে পঢ়ক: কলিয়াবৰৰ কামাখ্যা সংৰক্ষিত বনাঞ্চলত বনৰীয়া হাতীৰ কৰুণ মৃত্যু

ট্ৰাক কেইখনৰ নম্বৰ ক্ৰমে MN 01 9223 আৰু AS 01BC 3172 । এখন ট্ৰাকত ৩৩০ বস্তা চাউল আছিল। এখন ট্ৰাক ৮ ফেব্ৰুবাৰি আৰু আনখন ৯ ফেব্ৰুবাৰিত লোড কৰা হৈছিল।

ইপিনে, NSCN(K) ই তৎকালীনভাৱে তেওঁলোকৰ বিত্ত সচিবক যোগাযোগ কৰিবলৈ নির্দেশ দিছে।

বৃহস্পতিবাৰে পুৱা ৮:২০ বজাত অপহৰণ কৰাৰ সন্দেহ কৰা হৈছে।