NORTHEAST NOW (Assamese)
অৰুণাচল

অৰুণাচলত কোভিড-১৯ আক্ৰান্তৰ সংখ্যা ৬৭ জনলৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 12, 2020 8:31 am
Story-12-7-1140x570

অৰুণাচল প্ৰদেশত শুকুৰবাৰলৈকে কোভিড-১৯ পজিটিভ ৰোগীৰ সংখ্যা ৬৭জন হৈছেগৈ।

ইয়াৰ ভিতৰত ৬৩জন হৈছে সক্ৰিয় ৰোগী।

ৰাজ্যখনৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে শুকুৰবাৰে ৰাতিপুৱা তেওঁৰ অফিচিয়েল টুইটাৰৰ যোগে এই কথা জানিবলৈ দিয়ে।

এতিয়ালৈকে ৰাজ্যখনৰ চাৰিজন লোক এই মাৰাত্মক ৰোগৰ পৰা সম্পূৰ্ণ সুস্থ হৈ উঠিছে।

নিষেধাজ্ঞা শিথিল কৰি দিয়াৰ পাছত ৰাজ্যখনলৈ উভতি অহা ৩০৬৪২০জন লোকক প্ৰৱেশ পথতে স্ক্ৰীনিং কৰা হৈছিল।

এতিয়ালৈকে ১৩৪৭৯জন লোকৰ RT-PCR পৰীক্ষা সম্পন্ন কৰা হৈছে।

খাণ্ডুৱে লগতে জানিবলৈ দিয়ে যে ৰাজ্যখনত মুঠ ১২২৭২টা লকডাউন নিয়ম উলংঘাৰ ঘটনা সংঘটিত হৈছে।

লকডাউনৰ সময়ছোৱাত ৬২৪জন লোকক লকডাউন ভংগ কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল।

সেইদৰে, লকডাউন ভংগৰ বাবে প্ৰশাসনে ৮৯১খন বাহন জব্দ কৰিছিল।

লকডাউনৰ সময়ছোৱাত ২৩১খন এজাহাৰ দাখিল কৰা হয়।

খাণ্ডুৱে লগতে জানিবলৈ দিয়া মতে, ৰাজ্যখনত লকডাউন নিয়ম উলংঘা কৰাৰ বাবে মুঠতে ২৭,৪৫,৩০০ টকা জৰিমনা আদায় কৰা হৈছে।