NORTHEAST NOW (Assamese)
Popular Stories

কেন্দ্ৰই মাত্ৰ ২২ টকা কেজি মূল্যতে যোগান ধৰিছে পিঁয়াজ : ৰাম বিলাস পাছোৱান

Posted by: এন ই নাও নিউজ January 16, 2020 7:50 am
Ram-Vilas-Paswan-Food-Consumer-Affairs

কেন্দ্ৰীয় চৰকাৰে মাত্ৰ ২২ টকা কেজি মূল্যতে পিঁয়াজৰ যোগান ধৰি আছে বুলি এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে কেন্দ্ৰীয় উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী ৰাম বিলাস পাছোৱানে।

এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কয় যে এই পৰ্যন্ত ১৮ হাজাৰ টন পিঁয়াজ আমদানী কৰা হৈছে আৰু ইয়াৰে মাত্ৰ ২ হাজাৰ টনহে বিক্ৰী হৈছে।

“এতিয়া আমি মাত্ৰ ২২ টকা কেজি মূল্যতে পিঁয়াজ দি আছো”, এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰীগাৰকীৰ।

উল্লেখ্য যে যোৱা ৩ ডিচেম্বৰত খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা বিভাগৰ অতিৰিক্ত উপায়ুক্তৰ অধ্যক্ষতাত অনুষ্ঠিত এখন পৰ্যালোচনামূলক বৈঠকত অসমত প্ৰতি কেজি পিঁয়াজত ৭০ টকা নিৰ্ধাৰণ কৰিছিল।

পিঁয়াজৰ ভয়াবহ মূল্যবৃদ্ধিয়ে দেশৰ অন্য প্ৰান্তৰ লগতে অসমৰ জনতাৰ ওপৰতো সাংঘাটিক প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে।

মূল্যবৃদ্ধিৰ প্ৰতিবাদত বিৰোধী ৰাজনৈতিক দলৰ লগতে বিভিন্ন দল-সংগঠন সমূহে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ পিছতো আজি পৰ্যন্ত মূল্যবৃদ্ধি ৰোধ কৰিবলৈ সক্ষম নহ’ল কেন্দ্ৰীয় চৰকাৰ।