NORTHEAST NOW (Assamese)
অসম

দিচাংমুখ চুমনী গাঁৱত আলি আই লৃগাং উৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি

Posted by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ Updated by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ February 11, 2022 4:58 pm

মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং লৈ মাজত মাত্ৰ কেইটামান দিন । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰৰ দিচাংমুখ চুমনী গাঁৱতো আলি আই লৃগাং উৎসৱ উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে গাওঁখনৰ মিচিং জনগোষ্ঠীয় লোকসকলে।

দিচাংমুখ চুমনী গাঁৱৰ যুৱক সকলে মুৰুং ঘৰ নিৰ্মাণত ব্যস্ত হৈ পৰাৰ উপৰিও ডেকা – গাভৰু, পুৰুষ মহিলা , শিশু সকলোৱে জনগোষ্ঠীটোৰ গীত নৃত্যৰ আখৰাত এইদৰে ব্যস্ত হৈ পৰা দেখা গৈছে।

আলি- আই- লিগাঙত পৰিৱেশন কৰিব পৰাকৈ কণ কণ শিশু সকলকো গুমৰাগ নৃত্যৰ অনুশীলন কৰাইছে জেষ্ঠ্য সকলে।
অহা ১৫ ফ্ৰেব্ৰুৱাৰীত অনুষ্ঠিত হব মিচিং জনগোষ্ঠীৰ কৃষি প্ৰধান উৎসৱ আলি আই লিগাং। প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথমটো বুধবাৰত মিচিং জনগোষ্ঠীয় লোক সকলে আলি আই লিগাং পালন কৰে।