NORTHEAST NOW (Assamese)
অসম

দুই অসম সন্তানে সফলতা অৰ্জনেৰে ৰাজ্যৰ ক্ৰীড়া জগতলৈ পুনৰ কঢ়িয়াই আনিলে সু-নাম

Posted by: এন ই নাও নিউজ April 10, 2018 10:03 am

ৰাজ্যৰ ক্ৰীড়া জগতলৈ পুনৰ দুটাকৈ সু-খবৰ। পুনৰ দেশত উজ্জ্বলিল অসম সন্তান।

উল্লেখযোগ্য যে থাইলেণ্ডৰ ASSUMPTION UNIVERSITYত অনুষ্ঠিত থাইলেণ্ড এইজ গ্ৰুপ চেম্পিয়নশ্বিপত অসম সন্তানে দুটাকৈ পদক অৰ্জনেৰে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।

প্ৰাপ্ত তথ্য মতে এইজ গ্ৰুপৰ চেম্পিয়নশ্বিপৰ ছুইমিঙত বোকাখাতৰ বিক্ৰম চাংমাই আঁজুৰি আনিলে দুটাকৈ পদক। ১৪–১৫ বছৰ শাখাত ১০০ মিটাৰ বাটাৰ ফ্লাইত ৰূপৰ পদক আৰু ৫০ মিটাৰ বাটাৰ ফ্লাইত ব্ৰঞ্জৰ পদক বিক্ৰম চাংমাই লাভ কৰিবলৈ সক্ষম হয়। আনহাতে ৫০ মিটাৰ শাখাত বিক্ৰমে ভংগ কৰিলে ভাৰতীয় অভিলেখ।

আনহাতে পুনেত অনুষ্ঠিত সৰ্বভাৰতীয় আৰ্চাৰীত অৰ্জুন বঁটা বিজয়ী আৰ্চাৰ তথা অসম সন্তান জয়ন্ত তালুকদাৰে প্ৰতিযোগিতাখনত দুটা স্বৰ্ণপদক অৰ্জন কৰিবলৈ সক্ষম হয়। দীৰ্ঘ বিৰতিৰ মূৰত দেশৰ ভিতৰতে পুনৰ শ্ৰেষ্ঠত্বৰ সন্মান অৰ্জন কৰি আৰ্চাৰগৰাকী উৎফুল্লিত হয় বুলি জানিব পৰা গৈছে।