NORTHEAST NOW (Assamese)
অসম

শিক্ষক দিৱস: গুৱাহাটীত অসম চৰকাৰৰ কেন্দ্ৰীয় কাৰ্য্যসূচী; ২৩ শিক্ষক, ১০ বিদ্যালয়লৈ বঁটা

Posted by: এন ই নাও নিউজ September 5, 2018 7:35 pm
Chief Minister Sarbananda Sonowal conferring State Award to teachers as recognition to their outstanding contribution in the field of education on the occasion of Teachers' Day at a function held at Srimanta Sankardeva International Auditorium in the Guwahati on 05-09-18.pix by ub photos

অসম চৰকাৰৰ শিক্ষা বিভাগৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বুধবাৰে অনুষ্ঠিত শিক্ষক দিৱসৰ কাৰ্যসূচীত ৰাজ্যৰ ১০খন বিদ্যালয়ক ১ লাখকৈ টকাৰ এককালীন সাহায্য আগবঢ়োৱাৰ লগতে ২৩গৰাকী শিক্ষকক কৃতি শিক্ষকৰ ৰাজ্যিক বঁটা প্ৰদান কৰে।

মেত্ৰিক আৰু উচ্চতৰ মাধ্যমিকত যোৱা ৩ বছৰত ১০০ শতাংশ সফলতা অৰ্জনেৰে এককালীন সাহায্য লাভ কৰা বিদ্যালয়কেইখন হ’ল দৰঙৰ লেঙেৰিয়াঝাৰ কৃষক উচ্চ মাধ্যমিক বিদ্যালয়, ডিব্ৰুগড়ৰ লেঙেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, ধুবুৰীৰ চিচিপাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়, ধেমাজিৰ বৰদলনি উচ্চতৰ মাধ্যমিক বিদ্যালয়, বৰপেটাৰ পাল্লাৰপাৰ মাদ্ৰাছা উচ্চ মাধ্যমিক বিদ্যালয়, শোণিতপুৰৰ নাৰেংখাতি উচ্চ মাধ্যমিক বিদ্যালয়, গুৱাহাটীৰ গুৱাহাটী ৰিফাইনেৰি উচ্চ মাধ্যমিক বিদ্যালয়, তিনিচুকীয়াৰ হিন্দী ইংলিশ্ব হাই স্কুল, বাক্সাৰ গিৰীশ বিদ্যাপীঠ আৰু নলবাৰীৰ পশ্চিম চামতা উচ্চ মাধ্যমিক বিদ্যালয়।

তাৰোপৰি প্ৰাথমিক বিদ্যালয়ৰ ৯গৰাকী আৰু মাধ্যমিক বিদ্যালয়ৰ ১৪গৰাকী শিক্ষকলৈ আগবঢ়োৱা হয় এই বৰ্ষৰ কৃতি শিক্ষকৰ ৰাজ্যিক বঁটা।

শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্য, মন্ত্ৰী পল্লৱ লোচন দাস আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য ড০ অলক কুমাৰ বুঢ়াগোহাঁইৰ উপস্থিতিত বঁটাসমূহ প্ৰদান কৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

অনুষ্ঠানটোত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকা ড০ বুঢ়াগোহাঁয়ে শিক্ষকসকলৈ শুভেচ্ছা জনাই শিক্ষকক ‘মেধাৰ আৱিষ্কাৰক’ৰূপে অভিহিত কৰে।

“শিক্ষকসকল হৈছে মেধাৰ আবিষ্কাৰক। শিক্ষকসলকৰ দায়িত্ব হৈছে ছাত্ৰ-ছাত্ৰীৰ মাজত থকা বিশেষ প্ৰতিভা উলিয়াই অনা,” ভাষণত ক’লে বুঢ়াগোহাঁয়ে।

আনহাতে একেটা অনুষ্ঠানতে ৰাজ্যৰ শিক্ষক আৰু বিদ্যালয়সমূহৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্য মন্ত্ৰী আৰু শিক্ষা মন্ত্ৰীয়ে।