NORTHEAST NOW (Assamese)
অসম

গাড়ী চলোৱাৰ সময়তো মোবাইল ফোনত চালকে পাতিব পাৰিব কথা : নীতিন গাডকাৰী

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী February 12, 2022 7:14 pm

গাড়ী চলোৱাৰ সময়ত মোবাইল ফোনত কথা পতাটো এক গুৰুতৰ অপৰাধ হিচাবে গণ্য কৰা হয়। এনে কাৰ্যৰ বাবে অভিযুক্ত ব্যক্তিক যান-বাহন আৰক্ষীয়ে জৰিমনাও বিহি আহিছে।

কিন্তু শীঘ্ৰে গাড়ী চলোৱাৰ সময়তো নিৰ্দিষ্ট নিয়ম মানি চালকে মোবাইল ফোনত কথা পাতিব পাৰিব।

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কয় যে গাড়ী চলোৱাৰ সময়ত ফোনত কথা পতাটো সোনকালেই ভাৰতত আইনী হ’ব।

অৱশ্যে এইক্ষেত্ৰত কিছুমান নিয়ম অনুসৰণ কৰিব লাগিব।

গাডকাৰীয়ে লোকসভাত প্ৰদান কৰা বিবৃতি অনুসৰি, ফোনটো হেণ্ডছ-ফ্ৰী ডিভাইচৰ সৈতে সংযোজিত হ’লেহে ফোনত কথা পাতিবলৈ অনুমতি দিয়া হ’ব।

তদুপৰি ইয়াৰ বাবে, ফোনটো গাড়ীৰ সলনি পকেটত ৰাখিব লাগিব। যদি ট্ৰেফিক পুলিচে এইক্ষেত্ৰত কাৰোৱাক বাধা দিয়ে আৰু জৰিমনাৰ চালান কাটি দিয়ে তেন্তে ইয়াক আদালতত প্ৰত্যাহ্বান জনাব পাৰিব ।

 কেন্দ্ৰীয় মন্ত্ৰীজনে কয় যে যদি চালকজনে হেণ্ডছ-ফ্ৰী ডিভাইচ ব্যৱহাৰ কৰি ফোনত কথা পাতে আছে, তেন্তে সেয়া অপৰাধ হিচাবে গণ্য কৰা নহ’ব।