NORTHEAST NOW (Assamese)
অসম

ৰাজ্যৰ গ্ৰামাঞ্চলত ব্যৱসায় কৰিবলৈ এতিয়াৰে পৰা প্ৰয়োজন নহ’ব কোনো ট্ৰেড লাইচেন্সৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 13, 2022 6:58 am
WhatsApp Image 2022-02-13 at 6.36.25 AM

ৰাজ্যখনত পঞ্চায়তৰ অধীনৰ অঞ্চলসমূহত ব্যৱসায় আৰম্ভ কৰিবলৈ কোনো ট্ৰেড লাইচেন্সৰ প্ৰয়োজন নহ’ব। শনিবাৰে অসম চৰকাৰে এই কথা ঘোষণা কৰে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে গ্ৰামাঞ্চলত স্থানীয় উদ্যোগীসকলৰ বাবে ‘ব্যৱসায়ৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰিবলৈ’ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে পঞ্চায়তৰ এলেকাসমূহৰ পৰা ট্ৰেড লাইচেন্সৰ ব্যৱস্থা উঠাই দিয়া হ’ব।

লগতে পঢ়ক: ৰাহুল গান্ধীক অপমান: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিচ্ছবিত ক’লা চিয়াঁহী নিক্ষেপ

পূর্বে গ্রামাঞ্চলৰ লোকসকলে কোনো ব্যৱসায় কৰিবলৈ পঞ্চায়তৰ সভাপতিৰ পৰা এখন ট্ৰেড লাইচেন্স ল’ব লাগিছিল যদিও এতিয়া সেই ব্যৱস্থা নাথাকিব।

অৱশ্যে, পঞ্চায়ত অঞ্চলসমূহতো মদৰ দোকান বা বাৰ খুলিবলৈ এতিয়াও ট্ৰেড লাইচেন্সৰ প্ৰয়োজন হ’ব।