NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন বিদ্যাৰ্থী সন্মিলনৰ নতুন কাৰ্যনিৰ্বাহক গঠন

Posted by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ Updated by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ February 12, 2022 9:08 pm

শনিবাৰে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন বিদ্যাৰ্থী সন্মিলনৰ কাৰ্যনিৰ্বাহক আৰু সাধাৰণ সভা অনুষ্ঠিত হয়।
শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন বিদ্যাৰ্থী সন্মিলনৰ সভাপতি অনুৰাগ শৰ্মাই সভাপতিত্ব কৰা উক্ত সভাৰ উদ্দেশ্য ব্যাখা কৰে প্ৰাক্তন বিদ্যাৰ্থী সন্মিলনৰ সম্পাদক মানস প্ৰতীম গগৈয়ে।

সভাত উপস্থিত থাকে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সৌমাৰজ্যোতি মহন্ত, উপাধক্ষ্য ৰাতুল শৰ্মা, অধ্যাপক দেৱজিত চহৰীয়া, বিজয় শইকীয়া, উক্ত সভাতেই মহাবিদ্যালয়ৰ পৰা সদ্য অৱসৰপ্ৰাপ্ত উপাধ্যক্ষা ৰুণী বৰঠাকুৰক মহাবিদ্যালয়ৰ প্ৰাক্তন বিদ্যাৰ্থী সন্মিলনৰ তৰফৰ পৰা বিদায় সম্বৰ্দ্ধনা জনোৱা হয়।

আজিৰ কাৰ্যনিৰ্বাহক সভাত পূৰ্বৰ সমিটিৰ কাৰ্যকাল সমাপ্ত হোৱাত পূৰ্বৰ সমিটি ভংগ কৰি নতুন কাৰ্যনিৰ্বাহক গঠন কৰা হয়। নতুন সমিটিত সৰ্বসন্মতি ক্ৰমে মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ নয়ন চেতিয়াক সভাপতি, মানস প্ৰতীম গগৈ, ৰাজেন্দ্ৰৰ যোশী আৰু ৰণদ্বীপ হাজৰিকাক উপ সভাপতি, চন্দোৎপল বৰাক সাধাৰণ সম্পাদক, ৰাজেশ চন্দক, ৰাজীৱ শৰ্মা আৰু পাৰ্শ্বজ্যোতি গগৈক সহকাৰী সাধাৰণ সম্পাদক আৰু নয়ন দত্তক কোষাধক্ষ্য হিচাপে দায়িত্ব অৰ্পন কৰা হয়।

উল্লেখ্য যে ২০১৮ আৰু ২০১৯ বৰ্ষত অনুষ্ঠিত হৈছিল শিৱসাগৰ মহাবিদ্যালয়ৰ বৰ্ষজোৰা স্বৰ্ণ জয়ন্তী অনুষ্ঠান। উক্ত অনুষ্ঠানত বহু প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰাৰ লগতে বিভিন্ন ধৰণে সহায় সহযোগিতা আগবঢ়াইছিল।

আজিৰ সভাত পূৰ্বৰ সমিটিয়ে তেওঁলোকৰ কাৰ্যকালৰ হিচাপ দাখিল কৰে। পূৰ্বৰ সমিটিয়ে দাখিল কৰা হিচাপ অনুসৰি বৰ্তমান প্ৰাক্তন বিদ্যাৰ্থী সন্মিলনৰ বেংক একাউন্টত ১,০২৮০৫ টকা আৰু নগদ ১৩,২৬২ টকা জমা থকা বুলি সভাত জনায় সম্পাদক মানস প্ৰতীম গগৈয়ে।