NORTHEAST NOW (Assamese)
Popular Stories

চন্দন কাঠতকৈও মূল্যবান এই কাঠবিধ, ১ কিলোগ্ৰামৰ দাম শুনিলে হ’ব আচৰিত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 16, 2020 10:52 am

সাধাৰণতে আমি সকলোৱে জানো যে চন্দন কাঠ সবাটোকৈ মূল্যবান। কিন্তু পঢ়ুৱৈসকলে আজি জানি আচৰিত হ’ব যে এই পৃথিৱীতে এবিধ কাঠ আছে যাৰ মূল্য চন্দন কাঠতকৈ কেইবাগুণো অধিক।

আপুনি ভবাতকৈও বহু বেছি এই কাঠবিধৰ মূল্য।

বাতৰিটোত উল্লেখ কৰি থকা কাঠবিধ হৈছে ‍‘আফ্ৰিকান ব্লেকউড’। এই গছবিধ তথা কাঠবিধ মধ্য আৰু দক্ষিণ আফ্ৰিকাৰ ২৬ খন দেশত পোৱা যায়।

১ কিলোগ্ৰাম আফ্ৰিকান ব্লেকউডৰ মূল্য আঠ হাজাৰ পাউণ্ড অথবা ৭ লাখ টকাতকৈও অধিক।

সাধাৰণ অন্য গছৰ তুলনাত অতি মূল্যবান আফ্ৰিকান ব্ৰেলকউড গছবিধৰ সংখ্যা তেনেই তাকৰ। এই গছবিধ ২৫-৪০ ফুট ওখ হয় বুলি জানিব পৰা যায়।

কোৱা হয় যে এই গছবিধ সাধাৰণতে শুকান অঞ্চলতহে পোৱা যায়। ইয়াৰ লগতে এইটো কোৱা হয় যে আফ্ৰিকান ব্লেকউড সম্পূৰ্ণৰূপে তৈয়াৰ হওতে সময় লয় প্ৰায় ৬০ বছৰ।

অতি মূল্যৱান এই কাঠবিধ বাঁহী, গীটাৰ আদি বাদ্যযন্ত্ৰ বনোৱাত ব্যৱহাৰ হয়। তদুপৰি বিভিন্ন আচবাব বনোৱা হয় যদিও সেই সমূহৰ মূল্য অত্যন্ত অধিক হয়।